Jack the baboon : ভুলৰ সংখ্যা শূন্য ! মানুহ নহয়, ন বছৰ ৰে’লকর্মচাৰী আছিল এটা বেবুন

WhatsApp Image 2022 10 27 at 18.51.29

Jack the baboon :

১৮৮০ৰ ঘটনা । দক্ষিণ আফ্রিকাৰ বজাৰত গৈ এটা বেবুন হঠাৎ দৃষ্টিত পৰে জেমছ এডউইন ৱাইডৰ । লগে লগে তেওঁ বেবুনটোক কিনি লয় । হয়তো পোহনীয়া হিচাপেই বেবুনটো কিনিছিল তেওঁ । বেবুনটোৰ নাম ৰাখে জেক ।

দক্ষিণ আফ্রিকাৰ ৰে’লকর্মচাৰী আৰক্ষী জেমছ । কেপটাউনৰ পৰা এলিজাবেথ প’র্টগামী লাইনত ছিগনেলমেনৰ কাম কৰিছিল তেওঁ ।

কাম কৰাৰ সময়ত দুর্ঘটনাত জেমছৰ দুখন ভৰি অচল হৈ যায় । যাৰ ফলত তেওঁ ঘৰৰ কামো ঠিক মতে কৰিব নোৱাৰিছিল ।

তেওঁ য’ত বাস কৰিছিল, তাৰ পৰা ৰে’ল ষ্টেছনৰ দূৰত্ব প্রায় এক কিলোমিটাৰ । এই পথ অহা-যোৱা কৰাও তেওঁৰ বাবে কষ্টকৰ আছিল ।

 

জেমছ ভাবিলে, জেকক ভালকৈ প্রশিক্ষণ দিলে সি জেমছৰ জীৱন যথেষ্ট সহজ কৰি দিব পাৰিব ।

তেওঁ জেকক ঠেলাগাড়ী ঠেলা শিকায় । তাৰ পাছত ঘৰৰ পৰা ষ্টেছন যোৱাৰ পথত জেমছে এটা ঠেলাগাড়ীত বহে আৰু জেকে তেওঁক ঠেলি লৈ যায় ।

কেৱল সেয়াই নহয়, জেকৰ প্রভুভক্তি ইমানেই আছিল যে, জেমছৰ কষ্ট লাঘৱ কৰিবৰ বাবে সি ঘৰৰ সকলো কাম কৰিছিল ।

ঘৰ পৰিষ্কাৰ কৰাৰ পৰা আৰম্ভ কৰি ঘৰৰ আৱর্জনা বাহিৰত পেলোৱা, সকলো কৰিছিল জেকে ।

জেমছৰ সকলো সময়ৰ সংগী আছিল বেবুন । যেতিয়া জেমছে ষ্টেছনত কাম কৰিছিল, জেকে তেওঁক ভালকৈ লক্ষ্য কৰিছিল ।

জেমছে ছিগনেল দিয়াৰ পদ্ধতিও শিকোৱা আৰম্ভ কৰিলে জেকক । কোনতো লিভাৰ কিমানবাৰ টানিব লাগে, কিমানবাৰ ৰে’লৰ শব্দ হ’লে ছিগনেলমেনে ৰে’ললাইন সলনি কৰিব, সকলো শিকাইছিল জেকক ।

জেমছৰ নির্দেশ মতেই কাম কৰিছিল জেকে । জেকৰ কাম ইমানেই নিপুন আছিল যে, জেমছে কোনো চিন্তাই কৰিবলগীয়া হোৱা নাছিল ।

কিন্তু মানুহৰ পৰিৱর্তে এটা বেবুনে এই কাম কৰিছে, সেইটো এজন ৰে’লযাত্রীৰ চকুত পৰে । ৰে’ল কর্তৃপক্ষক অভিযোগো জনায় তেওঁ ।

এই কথা জনাৰ পাছত জেমছক চাকৰিৰ পৰা নিলম্বন কৰাৰ পৰিৱর্তে ৰে’ল কর্তৃপক্ষ‌ই জেকৰ কর্মদক্ষতা পৰ্যবেক্ষণ কৰে ।

জেক সকলো কামতে পাৰদর্শী হোৱাৰ বাবে তেওঁক চাকৰি দিয়া হয় । বাকী ৰে’লকর্মচাৰীসকলৰ দৰে জেকৰো এটা নিৰ্দিষ্ট নম্বৰ আছিল ।

প্ৰতি দিনে ২০ ছেন্ট (ভাৰতীয় মুদ্রাত আনুমানিক ১২ প‌ইচা) বেতনো দিয়া হৈছিল জেকক ।

কেৱল বেতনেই নহয়, সপ্তাহৰ অন্তত আধা বটল বিয়াৰো উপহাৰ দিয়া হৈছিল তাক ।

১৮৯০ত এজন ব্যক্তিয়ে জেকক লগ কৰিবলৈ গৈছিল । তেওঁ ৰে’লৰ ছুপাৰিন্টেনডেন্ট জর্জ বি হোৱেকেক পত্ৰ লিখি জনায়, প্রভুৰ স’তে জেকৰ সম্পর্কৰ গভীৰতা অন্য ধৰণৰ । দুয়োজনকে দেখি তেওঁৰ মন ভৰি গৈছিল ।

‘‘ম‌ই যেতিয়া তেওঁলোকৰ ওচৰত গৈ দেখো যে জেমছ ঠেলাগাড়ীত বহি আছে । জেকে প্রভুৰ ডিঙিত হাত দি আছে আৰু জেমছে তাৰ মূৰত হাত বুলাই দিছে,’’ পত্ৰত লিখি জনাইছিল তেওঁ ।

মানুহ মাত্রেই ভুল হয়, কিন্তু ন বছৰৰ কর্মজীৱনত এবাৰো ভুল কৰা নাই জেকে । দুর্ভাগ্যৱশত, যক্ষ্মাৰোগত আক্রান্ত হৈ জেকৰ মৃত্যু হয় ।

Exit mobile version