Civil Hospital : অসমৰ এখন অসামৰিক চিকিৎসালয়ৰ বহি:বিভাগ, নিশা হ’লেই হৈ পৰে কুকুৰ-মেকুৰীৰ শোৱনি কোঠা !

WhatsApp Image 2022 10 28 at 19.49.59

 Civil Hospital :

নামনি অসমৰ এখন আগশাৰীৰ অসামৰিক চিকিৎসালয় ৷ যিখন চিকিৎসালয়ত নিশা হ’লে বহি:বিভাগত প্ৰৱেশ ঘটে ভটুৱা কুকুৰৰ ৷ এই অঘৰী কুকুৰৰ শোৱনি কোঠাত পৰিণত চিকিৎসালয়খন ৷ ইতিমধ্যে এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল ভাইৰেল হোৱাৰ পিছত সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷

এই চিকিৎসালয় খন হ’ল নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় । নিশা হ’লেই কুকুৰ-মেকুৰীৰ আশ্ৰয় স্থল হৈ পৰে এই চিকিৎসালয় খন। চিকিৎসকৰ টেবুল আৰু ৰোগীৰ বিছনা হৈ পৰে কুকুৰ-মেকুৰীৰ আশ্ৰয়স্থল।

উল্লেখ্য যে ২৬ অক্টোবৰৰ নিশা প্ৰায় ২ বজাত চিকিৎসালয়খনৰ এগৰাকী ৰোগীৰ আত্মীয়ই চিকিৎসালয়ৰ বহি:বিভাগৰ বিছনাত কুকুৰ আৰু মেকুৰী শুই থকাৰ দৃশ্য প্ৰত্যক্ষ কৰি তুলিছিল ফটো ৷

ছ’চিয়েল মিডিয়াত চিকিৎসালয়ৰ ভিতৰ ভাগৰ এই দৃশ্যাংশৰ ফটো ইতিমধ্যে প্ৰকাশ পাইছে ৷ নলবাৰী জিলাৰ সদাব্যস্ত অসামৰিক চিকিৎসালয় খনৰ দিবা- নৈশৰ জৰুৰী চিকিৎসা বিভাগৰ কোঠাত কেনেকৈ কুকুৰ সোমাই চিকিৎসকৰ টেবুলত শুই থাকিব পাৰে তাক লৈ এতিয়া বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

আনহাতে ঘটনা সন্দৰ্ভত চিকিৎসালয় খনৰ অধীক্ষক ডাঃ বলেন ডেকাৰ কয়, ২৬ অক্টোবৰৰ নিশা ১.৩৭ বজাৰ পৰা পুৱা ৫.৩৫ বজালৈ কোনো ৰোগী অহা নাছিল । এই সময়ছোৱাতে এই ঘটনাটো সম্ভৱ ঘটিছে । দৈনন্দিন জৰুৰী চিকিৎসা বিভাগৰ কোঠাৰ আটাইকেইখন দুৱাৰ খোলা ৰখা হয় ৷

জৰুৰীকালীন অৱস্থাত অহা ৰোগীয়ে যাতে সহজেই যিকোনো ফালেৰে কোঠাটোত প্ৰৱেশ কৰিব পাৰে। অধীক্ষক জনে আৰু কয় যে, অসামৰিক চিকিৎসালয় খনৰ চৌহদত বহুতো অঘৰী কুকুৰ পাইচাৰি কৰি থাকে ৷ এনেক্ষেত্ৰত হয়তো কোনোবা সময়ত কোঠাৰ ভিতৰলৈ কুকুৰ আহি শুই থাকিব পাৰে বুলি গা এৰা মন্তব্য কৰে ৷

অৱশ্যে অধীক্ষক গৰাকীয়ে চিকিৎসালয়ৰ আৰক্ষী চকীখনত নিৰাপত্তা ৰক্ষীৰ অভাৱ সম্পৰ্কীয় বহু অসুবিধাক লৈ জিলা উপায়ুক্ত আৰু স্থানীয় বিধায়কলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা সদৰি কৰে ৷

চিকিৎসালয়ৰ বহি:বিভাগৰ কোঠাত কেনেকৈ কুকুৰ সোমাই চিকিৎসকৰ টেবুল আৰু ৰোগীৰ বিছনাত শুই থাকিব পাৰে তাক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া সন্দৰ্ভত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সঞ্চালকালয়ে পৰৱৰ্তী সময়ত কি পদক্ষেপ লয় সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version