Guwahati : মহানগৰীত হস্তনিৰ্মিত পিষ্টলসহ দুজনক আটক

WhatsApp Image 2022 10 28 at 21.12.18

Guwahati :

আপোনাৰ বাসগৃহত ফলচ্ ছিলিংৰ কাম কৰিবলৈ নিশ্চয় প্ৰয়োজন হয় এজন মিস্ত্ৰীৰ ৷ কিন্ত এতিয়াৰ পৰা হওঁক সাৱধান ৷ কিয়নো মিস্ত্ৰীৰ বেশত এতিয়া পিয়াপি দিছে একাংশ ডকাইত

দিনৰ ভাগত আপোনাৰ ঘৰত মিস্ত্ৰী হিচাপে কাম কৰিব ৷ আৰু ৰাতি সতীৰ্থ সহযোগীৰ স’তে আপোনাৰ গৃহত চলাব পাৰে চাফাই অভিযান ৷মহানগৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি আজি ফলচ্ ছিলিংৰ কাম কৰা মিস্ত্ৰী এজনক হস্তনিৰ্মিত পিষ্টল সহ আটক কৰাৰ লগতে তাৰ স্বীকাৰোক্তিৰ ভিত্তিত ঠিকাদাৰ এজনকো কৰায়ত্ব কৰে ৷

চান্দমাৰী আৰক্ষীয়ে আটক কৰা যুৱকজনৰ নাম মফিজুল ইছলাম (২২) ধৃত যুৱকজন ভাস্কৰ নগৰত ভাড়াতীয়া হিচাপে আছিল

৷ ধুবুৰীৰ বাসিন্দা যুৱকজনে ফলচ্ ছিলিংৰ কামৰ ঠিকা লোৱা দীপ নাৰায়ণ শ্বাহৰ স’তে লগলাগি মহানগৰৰ বিভিন্ন স্থানত কাম কৰিছিল ৷

ইতিমধ্যে আৰক্ষীয়ে মফিজুলৰ স্বীকাৰোক্তিত শ্বাহকো আটক কৰে ৷ আৰক্ষীয়ে ধৃত দুয়োজন যুৱকক মাৰাথন জেৰা অব্যাহত ৰাখিছে অধিক তথ্যৰ বাবে ৷

Exit mobile version