Nipon Goswami : নৱগ্ৰহ শ্মশানত সম্পন্ন হ’ল অসমীয়া চিনেমা পিতামহস্বৰূপ অভিনেতা নিপন গোস্বামীৰ অন্ত্যেষ্টিক্ৰিয়া

পঞ্চভূতত বিলীন মহীৰূহৰ

WhatsApp Image 2022 10 28 at 13.10.16

Nipon Goswami :

অসমীয়া চলচ্চিত্ৰৰ পিতামহস্বৰূপ চিৰসেউজ অভিনেনা শিল্পী নিপন গোস্বামীৰ পাৰ্থিৱ দেহ বিলীন হ’ল পঞ্চভূতত ৷

কেইবাদশক ধৰি অসমীয়া চলচ্চিত্ৰ জগতক এক নতুন মাত্ৰা দি অহা চিৰসেউজ অভিনেতা নিপন গোস্বামীয়ে বৃহস্পতিবাৰে মহানগৰীৰ নেমকেয়াৰ হাস্পতালত পুৱা প্ৰায় ৯.১৫ বজাতশেষ শেষ নিস্বাস ত্যাগ কৰে ।

অসমীয়া চিনেমাৰ মহীৰূহ গৰাকীৰ নশ্বৰ দেহক চলচ্চিত্ৰ জগতৰ ব্যক্তিসকল,বিভিন্ন দল- সংগঠন আৰু তেওঁৰ গুণমুগ্ধসকলে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে ৰাতিটোৰ বাবে ৰখা হৈছিল জ্যোতি চিত্ৰবনত।

আজি পুৱা প্ৰায় ৯ বজাত প্ৰবীন অভিনেতাৰ গৰাকীৰ পাৰ্থিৱ শৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ নি তাৰ পৰা ক্ৰমে দীঘলীপুখুৰী আৰু ৰবীন্দ্ৰ ভৱনলৈ নিয়া হয় । আটাইকেইটা অনুষ্ঠানতে বহু গুণমুগ্ধ আৰু শুভাকাংক্ষীয়ে জনাই শেষ শ্ৰদ্ধা ৷

পুৱা প্ৰায় ১১ বজাত তেখেতৰ অন্তিম ঠিকনা নৱগ্ৰহ শ্মশানলৈ লৈ যোৱা হয় ৷ ইয়াতে কেইবা সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় ৷

উল্লেখ্য যে অসমীয়া চলচ্চিত্ৰ জগতৰ চিৰসেউজ অভিনেতা গৰাকীক ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰে ৰাজ্য চৰকাৰে ৷

আনহাতে নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা সময়ছোৱাৰ তেওঁৰ চিকিৎসাৰ সকলো খৰচ ৰাজ্য চৰকাৰে বহন কৰিব বুলি মন্ত্ৰী অশোক সিংঘালে প্ৰকাশ কৰে।

Exit mobile version