Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2022 10 29 at 16.17.27 1

Horoscope :

মেষ : শুভ ৰং নীলা, শুভ সংখ্যা ৫। হাতলৈ টকা-পইচা আহিব যদিও খৰচ বাঢ়িব। ঘৰলৈ সুখ আহিব। স্বাস্থ্যৰ অবনতি হ’ব পাৰে। প্ৰতিকাৰ-ঘিউ চাকি এগজ জলাই অলপ কৰ্পূৰ দিব, আৰু শিৱৰ ধ্যান কৰিব।

বৃষ : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩। যান-বাহন চলোৱা লোকসকলে অলপ সাৱধান হৈ গাড়ী চলাব। ব্যৱসায়ীৰ অৰ্থ হানি হ’ব পাৰে। চোৰৰ পৰা ক্ষতি হোৱাৰ আশংকা। প্ৰতিকাৰ-তুলসী গছৰ গুৰিত পানী ধালি ধূপ চাকি জলাব।

মিথুন: শুভ ৰং বেঙুণীয়া, শুভ সংখ্যা ৭। সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব। সন্তানৰ ভুলৰ বাবে লজ্জিত হ’ব লগা হ’ব। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। চাকৰিৰ ক্ষেত্ৰত সন্মান লাভ হ’ব। প্ৰতিকাৰ- ভিক্ষাৰিক পাৰিলে জলপান খুৱাক।

কর্কট: শুভ ৰং বগা, শুভ সংখ্যা ৮। আজি শুভ কাম আৰম্ভ কৰিব পাৰে। আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব ।ব্যৱসায়ীসকলৰ লাভ বাঢ়িব। প্ৰতিকাৰ-অগৰু চন্দন পানীত মিহলাই ঘৰত চতিয়াব।

সিংহ: শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২। টকা-পইচাৰ লেন-দেন নিজৰ হাতেৰেহে কৰিব। বিবাহৰ প্ৰস্তাৱ পাব পাৰে। পাবলে থকা ধন হাতলৈ আহিব। খৰচ বাঢ়িব। প্ৰতিকাৰ- বেল গছৰ গুৰিত ধূপ চাকি জলাব।

কন্যা : শুভ ৰং ৰঙা, শুভ সংখ্যা ৪। চাকৰিয়ালৰ পদোন্নতিত বাধা আছে। শিক্ষাৰ্থীৰ শুভ দিন। কথা কওতে সংযম ৰাখিব। প্ৰতিকাৰ- হনুমান চালিচা পাঠ কৰিব।

তুলা : শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬। চাকৰিৰ কাৰণে স্থান পৰিবৰ্তন কৰিব লগা হ’ব পাৰে। মাতৃৰ স্বাস্থ্যৰ অবনতি হ’ব পাৰে। আনৰ কথা শুনি কোনো কাম নকৰিব। প্ৰতিকাৰ পুৱা গা ধুই সূর্য প্রণাম কৰিব আৰু তুলসীৰ গুৰিত পানী ধালি ধূপ জলাব।

বৃশ্চিক : শুভ ৰং গেৰুৱা, শুভ সংখ্যা-২। অপদস্থ হোৱাৰ ভয়। সন্তানৰ ভুলৰ কাৰণে অৰ্থ হানি হ’ব পাৰে। ব্যৱসায়ত ধৈৰ্যহীনতাৰ বাবে ক্ষতি হোৱাৰ আশংকা। প্ৰতিকাৰ- পূজা কৰা ব্ৰাহ্মণক বগা বস্ত্ৰ দান কৰক।

ধনু : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮। অচিনাকি ব্যক্তিৰ পৰা প্ৰতাৰিত হোৱাৰ আশংকা। টকা-পইচা যাবলৈ দিলে ঘূৰাই নাপাব। ব্যৱসায়ত বেমেজালি আহিব। চাকৰিৰ খবৰ আহিব পাৰে। প্ৰতিকাৰ-কপালতচন্দনৰ ফোট ল’ব।

মকৰ : শুভ ৰং বগা, শুভ সংখ্যা ৫। হাতলৈ অহা কাম এৰি নিদিব। বন্ধুৰ পৰা প্রতাৰিত হোৱাৰ ভয়। খং দমাই ৰাখক চাকৰিৰ বাবে লাগি থকা সকলে ভাল খবৰ পাৰে। সন্তানৰ শুভ। প্ৰতিকাৰ-ভিক্ষাৰিক ভোজন কৰাব।

কুম্ভ : শুভ ৰং নীলা, শুভ সংখ্যা ৯। অচিনাকি ব্যক্তিক বিশ্বাস কৰি কোনো কাম নকৰিব বিপদ হ’ব পাৰে। মূৰত আঘাত পাব পাৰে। বিদেশলৈ যোৱাৰ সুবিধা পাব। প্ৰতিকাৰ-তিনিটা ৰঙা জবা ফুল লৈ শিৱৰ লিংগত অৰ্পণ কৰি শিৱৰ ধ্যান কৰিব।

মীন : শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩। চাকৰিৰ খবৰ আহিব পাৰে। ঘৰুৱা অশান্তি বাঢ়িব পাৰে। নিজৰ ভুলৰ বাবে ক্ষতি হোৱাৰ ভয় আছে। প্ৰতিকাৰ-পানীত কেইটামান তিল দি পূব দিশলৈ চাই গা ধুব।

Exit mobile version