Home News Assam Neel Powan Baruah : পঞ্চভূতত বিলীন চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ পাৰ্থিৱ শৰীৰ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন শেষকৃত্য By publisher 2 years Ago ShareShareShareShare Neel Powan Baruah : নবগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰ সম্পন্ন হ’ল প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰ শৰীৰ ৷ কেইবা সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত শ্মশানস্থলীত অসম আৰক্ষীয়ে শূন্যলৈ তিনিজাই গুলী ফুটাই শেষ বিদায় জনায় ৷ ইয়াৰ পূৰ্বে চিত্ৰ শিল্পৰ মহীৰূহ গৰাকীৰ নশ্বৰ দেহ বেলতলাৰ বাসগৃহৰ পৰা পুস্পসজ্জিত বাহনেৰে বেলতলাৰ কাৰ্ট কলেজ হৈ চান্দমাৰী আৰ্টিষ্ট গিন্ডৰ পৰা ৰবিন্দ্ৰ ভৱন আৰু তাৰ পৰা শ্বহীদ ভৱনৰ হৈ শেষত নৱগ্ৰহলৈ অনা হয় ৷ উল্লেখ্য যে শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল চিত্ৰশিল্পী গৰাকীয়ে । চিত্ৰশিল্পী গৰাকীৰ নশ্বৰ দেহ শুকুৰবাৰে নিশাটো বেলতলাৰ বাসগৃহতে ৰখা হয় । অসংখ্য গুণমুগ্ধই বাসগৃহত উপস্থিত হৈ প্ৰিয় শিল্পী গৰাকীক জনাইছিল শেষ শ্ৰদ্ধা । Categories: India, Assam, News Tags: Assam PoliceCMOGuwahatiNabagrahaNeel Pawan Baruah Related Content NORTH GHY- KAMRUP ELECTION UNHEALTHY FOOD:কামৰূপ জিলা আয়ুক্তৰ কাৰ্য্যালয়ত খাদ্যৰ বাবে উত্তপ্ত পৰিস্থিতি By publisher May 2, 2024 Aap Assam Pressmeet:ক'ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত স্থিতি স্পষ্ট কৰক প্ৰধানমন্ত্ৰীয়ে By publisher May 2, 2024 Meteorological Department Has Issued a Yellow Alert in 30 Districts of Assam:ৰাজ্যৰ ৩০ জিলাত বজ্ৰপাত- ধুমুহা সহ মুষলধাৰ বৰষুণৰ সম্ভাৱনা By publisher May 2, 2024 GST Collection Has Set a Record:জিএছটি সংগ্ৰহে গঢ়িছে অভিলেখ ! By publisher May 2, 2024 Petition for Dismissal of Sherman's Legislative Seat:কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে খড়্গগ্ৰস্ত ৰকিবুল হুছেইন By publisher May 2, 2024 Bank Robbery in Nagaon:নগাঁৱত দিন- দুপৰতে চাঞ্চল্যকৰ বেংক ডকাইতি ! By publisher May 2, 2024