Neel Powan Baruah : পঞ্চভূতত বিলীন চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ পাৰ্থিৱ শৰীৰ

ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন শেষকৃত্য

WhatsApp Image 2022 10 29 at 14.37.49

Neel Powan Baruah :

নবগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰ সম্পন্ন হ’ল প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰ শৰীৰ ৷ কেইবা সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত শ্মশানস্থলীত অসম আৰক্ষীয়ে শূন্যলৈ তিনিজাই গুলী ফুটাই শেষ বিদায় জনায় ৷

ইয়াৰ পূৰ্বে চিত্ৰ শিল্পৰ মহীৰূহ গৰাকীৰ নশ্বৰ দেহ বেলতলাৰ বাসগৃহৰ পৰা পুস্পসজ্জিত বাহনেৰে বেলতলাৰ কাৰ্ট কলেজ হৈ চান্দমাৰী আৰ্টিষ্ট গিন্ডৰ পৰা ৰবিন্দ্ৰ ভৱন আৰু তাৰ পৰা শ্বহীদ ভৱনৰ হৈ শেষত নৱগ্ৰহলৈ অনা হয় ৷

উল্লেখ্য যে শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল চিত্ৰশিল্পী গৰাকীয়ে । চিত্ৰশিল্পী গৰাকীৰ নশ্বৰ দেহ শুকুৰবাৰে নিশাটো বেলতলাৰ বাসগৃহতে ৰখা হয় । অসংখ্য গুণমুগ্ধই বাসগৃহত উপস্থিত হৈ প্ৰিয় শিল্পী গৰাকীক জনাইছিল শেষ শ্ৰদ্ধা ।

Exit mobile version