Nurse: ৰোগীৰ চুলিত ধৰি টানি লৈ গৈছে নাৰ্চে ! চৰকাৰী চিকিৎসালয়ৰ ভাইৰেল ভিডিঅ’

WhatsApp Image 2022 10 29 at 16.54.11

Nurse:

এগৰাকী মহিলা ৰোগীৰ চুলিত ধৰি টানি লৈ গৈছে এগৰাকী মহিলা নাৰ্চে। পিছফালে দেখা পোৱা গৈছে অন্য কেইগৰাকীও নাৰ্চ । মহিলাগৰাকীক চিকিৎসালয়ৰ বিচনালৈ টানি লৈ গৈ শুৱাই দিয়া হৈছিল।

তথ্য অনুসৰি ভিডিঅ’টো উত্তৰ প্ৰদেশৰ সীতাপুৰ জিলা চিকিৎসালয়ৰ। চিকিৎসালয় কৰ্তৃপক্ষই দাবী কৰা অনুসৰি ৰোগীগৰাকীক অভদ্ৰ আচৰণ কৰা হোৱা নাছিল। তেওঁ বেজী ল’বলৈ অস্বীকাৰ কৰিছিল। কেৱল সেয়াই নহয়, তেওঁ চিকিৎসালয়ৰ কৰ্মচাৰীৰ স’তেও বেয়া আচৰণ কৰে।

সীতাপুৰৰ মুখ্য স্বাস্থ্য বিষয়া (চিএমঅ’) ডাঃ আৰ কে সিঙে ভিডিঅ’টো চোৱাৰ পাছত দাবী কৰে যে ঘটনাটো ১৮ অক্টোবৰৰ নিশা সংঘটিত হয়। মহিলাগৰাকীক ভৰ্তি কৰাৰ পাছত, তেওঁৰ পৰিয়ালৰ সদস্যসকলে চিকিৎসালয় এৰি যায়।

নিশা প্ৰায় ১২ বজাত, ৰোগীগৰাকী হঠাতে হিংস্ৰ হৈ পৰে। তেওঁ শৌচাগাৰৰ সন্মুখত তাণ্ডৱ আৰম্ভ কৰে। চি.এম.ও.-ৰ মতে, “ৰোগীয়ে তেওঁৰ খাৰু ভাঙিবলৈ আৰম্ভ কৰে আৰু পাছত নিজৰ শাৰীখন ফালিবলৈ আৰম্ভ কৰে।

ৱাৰ্ডৰ আন ৰোগীসকলে মহিলাগৰাকীৰ সেই আচৰণ চাi ভয় খাই। অৱশেষত নাৰ্চসকলে ৰোগীক শান্ত কৰিবলৈ দৌৰি আহে আৰু আৰক্ষীকো খবৰ দিয়ে। অৱশ্যে চিএমঅ’য়ে দাবী কৰিছিল যে মহিলাগৰাকীক দুৰ্ব্যৱহাৰ কৰা হোৱা নাছিল।

তেওঁ এইটোও দাবী কৰিছিল যে মহিলাগৰাকীক শান্ত কৰিবলৈ বেজী দিয়াৰ চেষ্টা কৰা হয়। কিন্তু মহিলাগৰাকীয়ে নাৰ্চগৰাকীৰ ওপৰত জপিয়াই পৰে। তাৰ পাছতে এই ঘটনা সংঘটিত হয় আৰু পাছত তেওঁক এটা বেজীৰে শান্ত কৰা হয়।

Exit mobile version