Social Media : সামাজিক মাধ্যমৰ বিৰুদ্ধে উত্থাপিত অভিযোগ শুনিবলৈ কমিটি গঠন কৰিছে কেন্দ্ৰই

WhatsApp Image 2022 10 29 at 15.16.25

Social Media :

সামাজিক মাধ্যমৰ প্লেটফৰ্মৰ বিৰুদ্ধে থকা মানুহৰ অভিযোগ শুনিবলৈ বা চোৱা-চিতা কৰিবলৈ কেন্দ্ৰই এখন বিশেষ সমিতি গঠন কৰাৰ সিদ্ধান্ত লৈছে।

বহুতো ব্যৱহাৰকাৰীয়ে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা বহুতো বিতৰ্কিত বিষয়ৰ বিষয়ে অভিযোগ কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ দ্বাৰা লোৱা সিদ্ধান্তই বহুতৰ মনত প্ৰশ্ন উত্থাপন কৰে।

তথ্য অনুসৰি সেই অভিযোগ আৰু প্ৰশ্নবোৰ শুনিবলৈ এই বিশেষ পেনেলখন গঠন কৰা হৈছে ।

কেন্দ্ৰই শুক্ৰবাৰে এই সন্দৰ্ভত এটা জাননীও জাৰি কৰিছে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জাৰি কৰা জাননী অনুসৰি, জনসাধাৰণৰ অভিযোগ শুনিবলৈ চৰকাৰে এক বা একাধিক সমিতি গঠন কৰিব।

প্ৰতিখন সমিতিৰ তিনিজন সদস্য থাকিব আৰু তিনি মাহৰ ভিতৰত গঠন কৰা হ’ব এই সমিতি।

কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই বিশেষ সমিতি গঠনৰ চৰকাৰৰ সিদ্ধান্তৰ বিষয়ে টুইট কৰে। এক টুইটযোগে অশ্বিনীয়ে লিখিছে, “ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক অধিক ক্ষমতা প্ৰদান কৰা হৈছে। সামাজিক মাধ্যমৰ বিৰুদ্ধে অভিযোগবোৰ শুনিবলৈ ‘অভিযোগ আপীল সমিতি’ (জিএচি) গঠন কৰা হৈছে।

এই সমিতিখনে সামাজিক মাধ্যমৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ শুনিব। ”

নতুন নিয়ম অনুসৰি, মানুহে পৰ্ণগ্ৰাফী, ভুৱা তথ্য, ধৰ্মীয় অনুভূতিক আঘাত কৰা সমল বা দেশৰ সাৰ্বভৌমত্বৰ বাবে ক্ষতিকাৰক হ’ব পৰা যিকোনো সমলৰ বিষয়ে সমিতিৰ ওচৰত অভিযোগ কৰিব পাৰে।

অভিযোগৰ ভিত্তিত ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহেও চৰকাৰৰ সেই সমিতিবোৰৰ প্ৰশ্নৰ সন্মুখীন হ’ব লাগিব পাৰে।

সামাজিক মাধ্যমৰ ব্যৱহাৰৰ বাবে গোপনীয়তা নীতি আঠটা ভাৰতীয় ভাষাত প্ৰকাশ কৰা হ’ব বুলিও জনাইছে অশ্বিনীয়ে।

Exit mobile version