Cucumber : ‘’জীৱনচৰ্যা’’

তিয়হে ওজন কমাই , কিন্তু অসময়ত খালে হ’ব পাৰে ভয়ংকৰ বিপদ !

edaf0d96 0c32 4cf2 886c 2b4941ee48a0

Cucumber :

তিয়হ স্বাস্থ্যৰ বাবে অতিকে উপকাৰী । তিয়হে শৰীৰত পানীৰ অভাৱ পূৰণ কৰাৰ লগতে পেট ঠাণ্ডা কৰি ৰাখে । তিয়হত ভিটামিন , মিনাৰেল আৰু ইলেক্ট্ৰোলাইট প্ৰচুৰ পৰিমাণে থাকে । সাধাৰণতে তিয়হ আমি তৰকাৰী ৰান্ধি , কেচাকৈ খোৱাৰ লগতে চেণ্ডূইচ বা ৰায়তাত দিও খাওঁ ।

তিয়হত থকা এনে উপাদানৰ বাবে ই মানুহৰ ওজন দ্ৰুত গতিত হ্ৰাস কৰে । বিশেষকৈ তিয়হে কেন্সাৰৰ দৰে দুৰাৰোগ্য ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে । ইমানখিনি উপকাৰী গুণ থকাৰ পিছতো তিয়হ কিন্তু সকলো সময়তে খোৱাতো উচিত নহয় । অসময়ত তিয়হ খালে ই শৰীৰৰ উপকাৰ কৰাতকৈ অপকাৰহে কৰিব পাৰে । তেন্তে আজি এই শিতানত আমি তিয়হ খোৱাৰ উপযুক্ত সময়ৰ বিষয়ে অলোচনা কৰিম ।

Disadvantage of Cucumber

ৰাতিপুৱাৰ ভাগত যদি আমি তিয়হ খাওঁ , তেন্তে ই আমাৰ শৰীৰত অধিক উপকাৰ সাধন কৰিব । নতুবা দুপৰীয়া খালেও ইয়াৰ উপকাৰীতা পোৱা যায় যদিও নিশাৰ ভাগত কেতিয়াও তিয়হ খাব নালাগে ।

ৰাতি তিয়হ খোৱা অনুচিত : তিয়হ সহজে হজম নহয় । গতিকে ৰাতি তিয়হ খালে পেট গধুৰ হোৱাৰ লগতে পেটত গেছৰ সৃষ্টি হ’ব পাৰে । যিহেতু নিশা আমি কোনোধৰণৰ কাম নকৰো । শুই থকা সময়ত কোনো গধুৰ আহাৰ গ্ৰহণ কৰিলে লিভাৰে হজম কৰাত কষ্ট পাই আৰু আমাৰ পেটত না-না অসুবিধাৰ সৃষ্টি কৰিব পাৰে ।

টোপনি অহাত বাধা দিয়ে : ৰাতি তিয়হ খালে টোপনি অহাত বাধাৰ সৃষ্টি কৰিব পাৰে । যিহেতু তিয়হত প্ৰচুৰ পৰিমাণে পানী থাকে ,যি আমাৰ পেট গধুৰ কৰি ৰাখে ।

হজমশক্তি দুৰ্বল মানুহে তিয়হ খোৱা অনুচিত : যিসকল লোকৰ হজমী শক্তি কম , তেওঁলোকে তিয়হ খোৱাৰ পৰা বিৰত থকাই ভাল । নতুবা খালেওঁ দুপৰীয়া সময়ত খাব লাগে ।

গৰ্ভৱতী মহিলাক যদিও তিয়হ খোৱাৰ পৰামৰ্শ দিয়া হয় , তথাপি তিয়হ খোৱাৰ ফলত মহিলাগৰাকীৰ ঘনাই প্ৰস্ৰাৱ কৰাৰ প্ৰৱণতা বৃদ্ধি পায় । যিটো কাৰণত মহিলা গৰাকী অস্বত্বিত পৰিব পাৰে ।

Exit mobile version