Elon Musk : পৰমাণু আক্ৰমণেৰে ইলন মাস্কৰ স্বপ্নভংগ কৰাৰ পৰিকল্পনা ৰঙা চীনৰ 

WhatsApp Image 2022 10 30 at 17.53.03

Elon Musk :

ৰঙা চীন আৰু ইলন মাস্কৰ বিবাদ সকলোৰে জ্ঞাত । কিছুদিন পূৰ্বে ষ্টাৰলিংকৰ এক চেটেলাইটে খুন্দা মাৰিছিল চীনৰ চেটেলাইটত । সেই দুৰ্ঘটনাৰ পিছতে চীন মাস্কৰ ওপৰত যথেষ্ট ক্ষোভিত হৈ আছে । সময় বাঢ়ি যোৱাৰ লগে লগে দুয়ো দেশৰ মাজত তিক্তকা অধিক বাঢ়ি যোৱা পৰিলক্ষিত হৈছে ।

কিন্তু এইবাৰ চীনৰ বৈজ্ঞানিকৰ দলে মাস্কক শিক্ষা দিবলৈ এক ভয়ংকৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে । চীনৰ সামৰিক বিজ্ঞানীসকলে মহাকাশত এক পাৰমাণৱিক বিস্ফোৰণ ঘটাইছে । এই বিস্ফোৰণৰ পৰা হোৱা বিকিৰণে মহাকাশত এক অস্থায়ী মেঘৰ সৃষ্টি কৰিছে । জানি আচৰিত হ’ব যে এই মেঘ কোনো সাধাৰণ মেঘ নহয় ।

এই মেঘ পৃথিৱীৰ নিম্ন কক্ষপথত থকা প্ৰচুৰ সংখ্যক উপগ্ৰহক ধ্বংস কৰিব পাৰে । যদিও এই পাৰমাণৱিক মেঘৰ দ্বাৰা এতিয়ালৈকে মাস্কৰ চেটেলাইটত আঘাত কৰা নাই ,তথাপি আক্ৰমণ কৰাৰ অভিপ্ৰায়ৰ কিছু কথা ফাদিল কৰিছে ৰঙা চীনে । চীনে স্পষ্টভাৱে জনাইছে যে এই পাৰমাণৱিক মেঘৰ মাস্কৰ ষ্টাৰলিংক চেটেলাইট ধ্বংস কৰাৰ সম্পূৰ্ণ ক্ষমতা আছে ।

এই অস্ত্ৰ নিৰ্মাণ কৰিছে পিএলএ (PLA) ৰ দ্বাৰা পৰিচালিত হোৱা নৰ্থওয়েষ্ট ইনষ্টিটিউট অৱ নিউক্লিয়াৰ টেকনলজিয়ে । এই প্ৰতিষ্ঠানতে পাৰমাণৱিক অস্ত্ৰৰ বিষয়ে গৱেষণা কৰা হয় । ইয়াৰ গৱেষকসকলে জনাইছে যে, বিস্ফোৰণৰ কাৰণে ইয়াৰপৰা ওলোৱা কণাবোৰে তেজক্ৰিয়া উপাদানত পৰিণত হয় আৰু এই কণাবোৰেই মেঘৰ সৃষ্টি কৰে ।

যি এক মৰাত্মক অস্ত্ৰ । চীনা গৱেষকসকলৰ মতে, এটা ১০ মেগাৱট অস্ত্ৰ এটাও বিপজ্জনক হৈ উঠিব পাৰে । এই বিস্ফোৰণ যে তেজক্ৰিয়া মেঘ সৃষ্টি কৰিছে যাৰ আকাৰ নিউয়ৰ্ক চহৰৰ সমান । বিগত ১৫ অক্টোবৰত নিউক্লিয়াৰ টেকনিকছ জাৰ্ণেলত এইকথা সবিস্তাৰে প্ৰকাশ হৈছে । এই অস্ত্ৰ ইমানেই শক্তিশালী যে, মাত্ৰ পাঁচ মিনিটৰ ভিতৰত এই মেঘে পৃথিৱীৰ পৰা ৫০০ কিলোমিটাৰ উচ্চতাৰে লক্ষ্যস্থান পাবগৈ পাৰে ।

উল্লেখ্য যে, চীন চৰকাৰে এই অস্ত্ৰ কেৱল মহাকাশত থকা চেটেলাইট বিৰোধী কাম কৰিবলৈ নিৰ্মাণ কৰিছে । এই ক্ষেত্ৰত পাৰমাণৱিক বিস্ফোৰণৰ ফলত উৎপন্ন হোৱা শক্তিকণাই পৃথিৱীৰ চাৰিওফালে এক তেজক্ৰিয়া বেল্ট তৈয়াৰ কৰিছে ।

এই বেল্টে বৰ্তমান মহাকাশলৈ অশনি সংকেত কঢ়িয়াই আনিছে । যিহেতু এই বেল্টৰ বাবে পাৰমাণৱিক অস্ত্ৰও নিষ্ক্ৰিয় হ’ব পাৰে । খবৰ ওলোৱা অনুসৰি চীনে ইলন মাস্কৰ ষ্টাৰলিংক চেটেলাইটৰ বিৰুদ্ধে এই অস্ত্ৰ ব্যৱহাৰ কৰিছে ।

একেদৰে একাধিক বিজ্ঞানীয়ে অনুমান কৰিছে যে, পৃথিৱীৰ নিম্ন কক্ষপথত অৱস্থিত ষ্টাৰলিংক চেটেলাইট সমূহক ধ্বংস কৰাৰ মানসেৰে চীনৰ সামৰিক বাহিনীয়ে এইধৰণৰ অস্ত্ৰ অনুমোদিত কৰিছে । আপাতত মহাকাশ যুদ্ধত চীনে এক ডাঙৰ হুমকি প্ৰদান কৰিছে ।

Exit mobile version