Fast food : আঠ কেজি ওজনৰ বাহুবলী চিঙৰা খাওঁক আৰু জিকক ৫১ হেজাৰ টকা

af629f98 286a 475d ac3e 45d6f3974124

Fast food :

নাম বাহুবলী । দেখাতো বাহুবলী চেহেৰাৰ এটা চিঙৰা । যিটো চিঙৰাৰ ওজন ৮ কেজি । তথ্য অনুসৰি, সম্প্ৰতি উদ্যোগপতি হৰ্ষ গোয়েংকাৰে শ্বেয়াৰ কৰিছে এটা দানবীয় খোৱাৰ ভিডিঅ’ ।

যিটো ভিডিঅ’ বৰ্তমান সৰ্বত্ৰে বিয়পি পৰা দেখা গৈছে । ভিডিঅ’টোত প্ৰচাৰিত তথ্য অনুসৰি দেখা গৈছে যে, উত্তৰ প্ৰদেশৰ কৌশল চুইটছ নামৰ এখন মিঠাইৰ দোকানত তৈয়াৰ কৰা হৈছে এই বৃহৎ আকাৰৰ চিঙৰাটো । যাৰ ওজন আঠ কেজি আৰু এই চিঙৰা বিক্ৰী কৰা হৈছে ১১০০ টকাত ।

এই বিশেষ চিঙৰাত আলু, মটৰ,পনীৰ আৰু বিভিন্ন ধৰণৰ ড্ৰাই ফুটছ দিয়া হৈছে । ভিডিঅ”টো চেয়াৰ কৰি হৰ্ষে কেপশ্যনত লিখিছে যে , দীপাৱলীৰ সময়ত তেওঁ মোক এই চিঙৰাটো খাবলৈ অনুমতি দিবনে ! বৰ্তমান ভিডিঅ’টো বহুজনে চেয়াৰ কৰাৰ লগতে বহুজনে মন্তব্য দিয়াও পৰিলক্ষিত হৈছে ।

ইয়াৰে এজনে কৈছে, এই চিঙৰা খালে চিকিৎসাৰ বাবে আৰু অধিক টকা খৰচ হ’ব । এক অভিনৱ পদ্ধতি প্ৰয়োগ কৰি কৌশল চুইটছে এই মাহতে আৰম্ভ কৰিছে “বাহুবলী চিঙৰা চেলেঞ্জ”। মাত্ৰ ৩০ মিনিটত এই চিঙৰা খালে তেওঁক বিজয়ী বুলি ঘোষণা কৰাৰ লগতে নগদ ৫১ হেজাৰ টকা পুৰস্কাৰ প্ৰদান কৰিব ।

এই পৰ্যন্ত অৱশ্যে এই পুৰস্কাৰ কোনো লোকে পাবলৈ সক্ষম হোৱা নাই যদিও ৫১ হেজাৰ টকা পোৱাৰ আশাত বহুলোকে এই বৃহৎকায় চিঙৰাটো ক্ৰয় কৰিছে । অৰ্থাৎ পুৰস্কাৰ পোৱাৰ আশাত কৌশল ছুইটছত চিঙৰাৰ বিক্ৰী বঢ়া পৰিলক্ষিত হৈছে ।

Exit mobile version