PM Narendra Modi : বহু সন্ধানৰ পাছত পাইছে পাত্রী

নিজৰ বিয়াত প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী যোগীক আমন্ত্রণ জনাব বিচাৰে ২.৩ ফিটৰ আজিমে

1969dfa9 9dc4 4e5e b5e0 1cd2cb2ce411

PM Narendra Modi :

বহু চেষ্টাৰ পাছত মনে বিচৰা মানুহ বিচাৰি পাইছে আজিম মনসুৰিয়ে । এইবাৰ দুখন হৃদয় এক হ’ব । সেই অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্রদেশৰ মু্খ্যমন্ত্রী যোগী আদিত্যনাথকো আমন্ত্রণ জনাব বিচাৰিছে কৈৰানাৰ বাসিন্দা ২.৩ ফুটৰ আজিমে ।

এক সংবাদ সংস্থাক আজিমে কয়, ‘‘নৱেম্বৰত মোৰ বিয়া হ’ব । প্রধানমন্ত্রী মোদী আৰু মুখ্যমন্ত্রী যোগীক মোৰ বিয়াৰ আমন্ত্রণপত্র দিম । দিল্লী গৈ আমন্ত্রণ জনাম প্রধানমন্ত্রীক ।’’

বহু বছৰ ধৰি পাত্রীৰ সন্ধানত আছিল আজিম । কিন্তু তেওঁৰ উচ্চতাৰ বাবে ৰৈ যায় । উচ্চতাৰ বাবেই পঞ্চম শ্রেণীৰ পাছত পঢ়া নহয় আজিমৰ । পাত্রীৰ সন্ধানত তেওঁ বহু নেতা-নেত্রী, চৰকাৰী কৰ্মচাৰীৰ দ্বাৰস্থ হৈছে । ২০১৯ত উত্তৰ প্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী অখিলেশ যাদৱৰো দ্বাৰস্থ হৈছিল আজিম । হতাশ হৈয়ে উভতিবলগীয়া হৈছিল তেওঁ ।

অৱশেষত মনৰ মানুহ বিচাৰি পালে আজিমে নিজৰ চেষ্টাত । হাপুৰৰ কন্যা বুছাৰাৰ স’তেই এইবাৰ বিয়াত বহিব আজিম । বুছাৰাৰ উচ্চতা তিনি ফুট । ২০২১ৰ মার্চত বুছাৰাৰ স’তে কথা হয় তেওঁৰ । এপ্রিলতেই বাগ্‌দান সম্পন্ন হয় দুয়োজনৰে । কিন্তু সিদ্ধান্ত হয়, বুছাৰা স্নাতক সম্পূৰ্ণ কৰাৰ পাছত বিবাহপাশত আৱদ্ধ হ’ব । এইবাৰ স্নাতক সম্পূৰ্ণ কৰিছে বুছাৰাই । সাত নৱেম্বৰত বিয়াত বহিব এই দম্পতি ।

এক সংবাদমাধ্যমে জনাইছে, উত্তৰ প্রদেশৰ কৈৰানাত প্রসাধনীৰ দোকান আছে আজিমৰ । সেই দোকানৰ পৰা যথেষ্ট উপাৰ্জন হয় । সৰুতে উচ্চতাৰ বাবে বিদ্যালয়ত নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছিল আদিতে । সেয়ে পঞ্চম শ্রেণীৰ পাছত পঢ়া অব্যাহত ৰাখিব নোৱাৰে । ছয় ভাতৃ-ভগ্নীৰ ভিউ কণিষ্ঠ আজিম তেতিয়াৰ পৰাই জ্যেষ্ঠ ভাতৃসকলৰ স’তে প্রসাধনীৰ দোকানত বহে । এইবাৰ তেওঁৰ স্বপ্নপূৰণ হ’ব ।

Exit mobile version