South Korea : ভয়াৱহ কাণ্ড দক্ষিণ কোৰিয়াত, হেলোইন উৎসৱৰ ভিৰত পদপিষ্ট হয় মৃত্যু ১৫১ জনৰ

South Korea Halloween Crowd Surge 84706

South Korea :

আনন্দৰ মুহূৰ্ত নিমিষতে পৰিৱৰ্তন হ’ল শোকৰ পৰিৱেশলৈ । প্ৰিয়জনক হেৰুওৱাৰ কান্দোনে বন্ধ কৰি দিছে দক্ষিণ কোৰিয়াৰ ৰাজধানী চিউল ।স্থানীয় সময় অনুসৰি শনিবাৰে নিশা হেলোইন উদযাপনৰ সময়ত সংঘটিত এক পদপিষ্টত কমেও ১৫০ জন লোকৰ মৃত্যু হয়।

তেওঁলোকৰ বেছিভাগেই কিশোৰ-কিশোৰী আৰু যুৱক – যুৱতী । মৃতসকলৰ ভিতৰত ১৯ জন বিদেশী নাগৰিক । কমেও ২০০ জন লোক আহত হয়। তেওঁলোকৰ বহুতৰ অৱস্থা সংকটজনক।

ফলস্বৰূপে, মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ৩৫০ তকৈ অধিক লোকৰ সন্ধান পোৱা হোৱা নাই । কি দৰে এই শোকাৱহ ঘটনা সংঘটিত হৈছে চিউলৰ প্ৰশাসনে এতিয়াও বুজি পোৱা নাই ।

৩১ অক্টোবৰ হেলোইন উদযাপন কৰা হয় । ইউৰোপীয়, আমেৰিকাকে ধৰি বিভিন্ন দেশৰ বাসিন্দাসকলে ভূতৰ – প্ৰেতৰ সকলো অদ্ভুত পোছাক পিন্ধি হেলোইন পাৰ্টি উপভোগ কৰে। দক্ষিণ কোৰিয়াইও উৎসৱটোত অংশগ্ৰহণ কৰে। সেই দেশৰ ৰাজধানী চিউলৰ ইটিয়ন অঞ্চলত ইয়াৰ ৰঙীন নিশাৰ জীৱনৰ বাবে বিশেষভাৱে জনাজাত। ৰাতি টো আগবাঢ়ি যোৱাৰ লগে লগে হোটেল-ৰেষ্টুৰেণ্ট-বজাৰত হুলস্থূল আৰম্ভ হয়।

বন্ধৰ বতৰত, চুবুৰীয়া দেশৰ লোকসকল এই অঞ্চলত একত্ৰিত হয়। ভাৰতীয় সময় অনুসৰি, শনিবাৰে নিশা ইয়’ন অঞ্চলত হেলোইন উৎসৱ চলি আছিল। কৰ’নাৰ প্ৰাদুৰ্ভাৱৰ বাবে, যোৱা দুবছৰত এই উৎসৱ উদযাপন কৰা হোৱা নাই। ফলস্বৰূপে, সকলোৱে এইবাৰ পুনৰ হেলোইন উদযাপন কৰিবলৈ পাই সুখী হয় । কিন্তু কোনে জানিছিল যে কিছু মূহুৰ্ততে পৰিস্থিতি ইমান বেয়া হৈ পৰিব !

Exit mobile version