Tax on Tobacco : ‘ধঁপাতৰ ওপৰত কৰ আৰোপ’ শীৰ্ষক ঘূৰণীয়া মেজমেল অনুষ্ঠিত পাণ্ডু মহাবিদ্যালয়ত

cd890ac5 ae39 4d3c 94eb ab4996df892d

Tax on Tobacco :

কনজিউমাৰ্চ লীগেল প্ৰটেকছন ফৰামৰ, অসম আৰু পাণ্ডু মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ যৌথ উদ্যোগত আৰু কনজিউম ভয়েচ, নতুন দিল্লীৰ সহযোগত ‘ধঁপাতৰ ওপৰত কৰ আৰোপ’ শীৰ্ষক ঘূৰণীয়া মেজমেল আজি অনুষ্ঠিত হয় ।

মেজমেলত উপস্থিত থকা অৰ্থনীতিবিদ, বিশেষজ্ঞ আৰু ৰাজ্য চৰকাৰৰ কৰ বিভাগৰ প্ৰতিনিধিয়ে সৰ্বসাধাৰণ গ্ৰাহকৰ দ্বাৰা ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত অত্যধিক কৰ আৰোপে অন্যতম পন্থা বুলি ঐক্যমত পোষণ কৰে ।

ঘূৰণীয়া মেজমেল উদ্বোধন কৰি পাণ্ডু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগেশ কাকতিয়ে স্বাস্থ্য আৰু জীৱনৰ ওপৰত ধঁপাতে পেলোৱা প্ৰভাৱৰ বিষয়ে সৰ্বসাধাৰণ লোকৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ছাত্র সমাজক আহ্বান জনায় ।

মেজমেলত উপস্থিত থাকি আইআইটি-গুৱাহাটীৰ অৰ্থনীতিৰ অধ্যাপক ডঃ মৃণাল কান্তি দত্তই বৰ্তমানৰ সৰ্বাধিক ২৮ শতাংশৰৰ পৰিৱৰ্তে ধঁপাতৰ ওপৰত কৰৰ পৰিমান ৪০ শতাংশলৈ বৃদ্ধি সপক্ষে মত প্ৰকাশ কৰে ।

অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ডঃ নিছাঁৰ আহমেদ বৰুৱাই অন্যান্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সমান্তৰালভাৱে ভাৰতত ধঁপাতৰ মূল্য বৃদ্ধি কৰা নহয় বুলি উদ্বিগ্নতা প্ৰকাশ কৰে ।

ঘূৰণীয়া মেজমেলত উপস্থিত থাকি গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ডঃ মৌচুমী বৰাই কৰ বৃদ্ধিৰ সমান্তৰালভাৱে ধোঁৱাবিহীন ধঁপাতৰ পেকেটৰ আকাৰ আৰু পৰিমাণ বৃদ্ধিৰ সপক্ষে যুক্তি আগবঢ়ায় ।

আনহাতে, আইন অনুসৰি ধঁপাতৰ ওপৰত সৰ্বাধিক যি পৰিমাণৰ কৰ আৰোপ কৰিব পাৰি চৰকাৰে সেই আৰোপ কৰিব বুলি আশ্বাস দিয়ে অসম চৰকাৰৰ কৰ বিভাগৰ ৰাজ্যিক জিএছটিৰ অধীক্ষক বেদব্ৰত শইকীয়াই ।

কনজিউমাৰ্চ লীগেল প্ৰটেকছন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই আদৰণি ভাষণত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ অনুসৰি সকলো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অতি কমেও ৭৫ শতাংশ কৰ আৰোপৰ সপক্ষে মত প্ৰকাশ কৰে ।

পাণ্ডু মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অংগনা বৰাই আঁতধৰা মেজমেলত কনজিউম ভয়েচ, নতুন দিল্লীৰ মুখ্য কাৰ্যবাহী বিষয়া অসীম ছেনেল আৰু কোচিৰ ৰাজাগিৰী কলেজ অৱ ছ’চিয়েল ছায়েন্সৰ সহযোগী অধ্যপক ডঃ ৰিজ এমজনো উপস্থিত থাকি ধঁপাতৰ ওপৰত সৰ্বাধিক কৰ বৃদ্ধিৰ সপক্ষে মত প্ৰকাশ কৰে ।

Exit mobile version