CAA : কা’ সন্দৰ্ভত শুনানি সম্পন্ন উচ্চতম ন্যায়ালয়ত

78e92dfa d711 4c3f b1d6 38d7f6f1b56e

CAA :

অসম- ত্ৰিপুৰা চৰকাৰক চাৰিসপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য ৬ ডিচেম্বৰ

উচ্চতম ন্যায়ালয়ত চলি থকা ‘কা’ সম্পৰ্কীয় গোচৰৰ শুনানি আজি দুপৰীয়া সম্পন্ন হয় ৷ শুনানিত অসম আৰু ত্ৰিপুৰা চৰকাৰে শপতনামা দাখিলত ব্যৰ্থ হয়৷যাৰবাবে ন্যায়ালয়ে চাৰি সপ্তাহৰ ভিতৰত দুয়োখন চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে ৷

অৱশ্যে পূৰ্ব নিৰ্ধাৰিত অনুসৰি ভাৰত চৰকাৰে শপতনামা দাখিল কৰে৷ শপতনামাত কেন্দ্ৰই উল্লেখ কৰে যে ‘কা’-এ সৰ্বভাৰতীয় পৰ্যায়ত কাৰো অধিকাৰ খৰ্ব নকৰে ৷

সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠ শুনানি গ্ৰহণ কৰি পুনৰ শুনানিৰ বাবে পৰৱৰ্তী দিন ধাৰ্য কৰে ছয় ডিচেম্বৰ ৷
উল্লেখ্য যে আছুসহ বহু কেইটা সংগঠন আৰু ব্যক্তি বিশেষে কা’ৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল ৷

Exit mobile version