Conference Of Mines Minister’s : চুমুকডিমাত উত্তৰ-পূৰ্বৰ ভুতত্ব আৰু খনি মন্ত্ৰীৰ সন্মিলন

অংশগ্ৰহণ কেন্দ্ৰীয় ভুতত্ব আৰু কয়লা মন্ত্ৰী যোশী

WhatsApp Image 2022 10 31 at 19.04.09

Conference Of Mines Minister’s :

চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ চুমুকডিমাত সোমবাৰে অনুষ্ঠিত হয় প্ৰথম উত্তৰ-পূব ভূতত্ব আৰু খনি মন্ত্ৰী সকলৰ সন্মিলন ৷ সন্মিলনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কেন্দ্ৰীয় ভুতত্ব আৰু কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশী ৷

সভা খনত অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে সন্মিলন খনৰ পূৰ্বে ডিমাপুৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ স’তে এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ ‘৷

মুখ্যমন্ত্ৰীৰ স’তে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মধ্যাহ্ন ভোজনতো অংশ লয় ৷ উপস্থিত থাকে খনি মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ ৷

স্মতৰ্ৱ্য যে , কেন্দ্ৰীয় ভূতত্ব আৰু খনিজ মন্ত্ৰী গৰাকীয়ে উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰচুৰ খনিজ সম্পদৰ পৰা লাভাংশ লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ আশ্বাস প্ৰদান কৰে অসম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীদ্বয়ক ৷

Exit mobile version