Egg : ” কণী আগত নে মুৰ্গী আগত ” এই ৰহস্য ফাদিল কৰিছে গৱেষকে :—-

d56a6222 f110 4e5f bafe da9580819fa5

Egg :

বহু যুগ ধৰি মানুহৰ মনত চিন্তাৰ উদ্বেগ সৃষ্টি কৰি এটা প্ৰচলিত ধাৰণা হ’ল, কণী আগত আহিছিল নে মুৰ্গী আগত আহিছিল ! চিৰকালীন এই বিতৰ্কৰ উত্তৰ হয়তো আজিলৈকে কোনেও দিব পৰা নাছিল । কিন্তু কিছুদিন পূৰ্বে এই বিতৰ্কিত ধাৰণাৰ সমাধান দিবলৈ সক্ষম হ’ল গৱেষকৰ দলে ।

মানুহৰ মুখে মুখে চলি অহা এই ধাৰণাক লৈ সকলোৰে জল্পনা-কল্পনাৰ অন্ত পেলাই আমেৰিকাৰ এটা গৱেষকৰ দলে জনাইছে যে, মুৰ্গী নহয় পৃথিৱীলৈ কণীহে আগত আহিছিল । এনপিআৰ নামৰ এই মাৰ্কিন ৱেবচাইটত উল্লেখ কৰিছে এই বহু পুৰণি ধাৰণাৰ সমাধানৰ উত্তৰ।

বছৰধৰি চলা এক গৱেষণাৰ অন্ততঃ এই সমাধান আগবঢ়াইছে গৱেষকৰ দলে । সমান্তৰালকৈ মাৰ্কিন সাংবাদিক ৰবাৰ্ট ক্ৰুলউইছে এই ধাৰণাৰ ওপৰত বহু বছৰ ধৰি গৱেষণা কৰিছিল । সাংবাদিক গৰাকীয়ে এই ৱেবচাইটৰ যোগেদি কয় যে, কে’বাশ বছৰ পূৰ্বে পৃথিৱীত কিছু মুৰ্গীৰ পাখিৰ দৰে পাখি পোৱা গৈছিল আৰু এই পাখিৰ লগত মুৰ্গীৰ জিনৰ সাদৃশ্য পোৱা যায় ।

কিন্তু সেইটো প্ৰকৃতাৰ্থত মুৰ্গী নাছিল । গৱেষকৰ দলে এই সন্দৰ্ভত কয় যে, সেইয়া আছিল একে প্ৰজাতিৰ “প্ৰোটো চিকেন ।” উল্লেখ্য যে, সেই পাখিৰ লগত এটা কণীও পোৱা গৈছিল । সেই কণীৰ লগত মতা মুৰ্গীৰ কিছু নতুন বৈশিষ্ট্য যোগ কৰে । তাৰপিছতেই সেই কণীটোত আৰু কিছু পৰিৱৰ্তন দেখা পোৱা যায় । সেই পৰিৱৰ্তন মতা বা মাইকী কুকুৰাৰ জিনতকৈ বেলেগ আছিল ।

বিজ্ঞানীৰ দাবী যে এই কণীৰ পৰা ওলোৱা কুকুৰাটোৱে হৈছে পৃথিৱীৰ আদি কুকুৰা । বৰ্তমান পৰিৱৰ্তিত পৰিবেশত সেই কুকুৰাৰ পৰাই বিভিন্ন প্ৰজাতি কুকুৰা লাভ কৰিবলৈ সক্ষম হৈছে । সকলোবোৰ একে জাতৰ কুকুৰা যদিও ইয়াৰ কিন্তু জিনগত পাৰ্থক্য আছে । ইয়াৰপৰা এইকথা প্ৰমাণ হ’ল যে, কণীৰ মিউটেশ্যন ঘটাৰ ফলতেই আদি মুৰ্গীৰ জন্ম হৈছিল । ইয়াৰ পূৰ্বে পৃথিৱীত কোনো প্ৰজাতিৰ মুৰ্গী নাছিল । অৰ্থাৎ এই গৱেষণাৰ পৰা এই কথা স্পষ্ট হ’ল যে, পৃথিৱীলৈ প্ৰথম কণী আহে আৰু তাৰপিছতহে মুৰ্গী আহিছিল।

Exit mobile version