Entertainment : “বিনোদন-বিনোদন” নাতি বয়সৰ ল’ৰাৰ লগত ৰোমাঞ্চ কৰিছে ৰাতিৰ ভিতৰত খ্যাতি অৰ্জন কৰা ৰাণু মণ্ডলে :—

cec3ea18 ee8e 454f 9b7c e852d22346eb

Entertainment :

ৰানাঘাট ৰেলৱে ষ্টেচনত গান গাই ৰাতিৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা ৰাণু মণ্ডলৰ কথা সকলোৱে জানে । ছ’চিয়েল মিডিয়া চেনচেশ্যন হৈ পৰা গায়িকা গৰাকীক বলীউডৰ বিখ্যাত সংগীত শিল্পী হিমেশ ৰেশমিয়াই তেওঁৰ সৈতে এটা গীতত কণ্ঠদান কৰিবলৈ মুম্বাইলৈ লৈ গৈছিল ।

ইয়াৰপিছত আৰু তেওঁক কোনোধৰণৰ গীত পৰিবেশন কৰা দেখা নাই যদিও জীৱন-যাপনৰ বিভিন্ন ভিডিঅ’ও ছ’চিয়েল মিডিয়াত সাংঘাতিক ধৰণে জনপ্ৰিয় হৈ পৰা দেখা যায় । ৰাণু মণ্ডলে বৰ্তমান কি কৰিছে,কি খাইছে ,কেনেকৈ আছে ,এই সকলোবোৰ জানিবলৈ বহুতেই গায়িকা গৰাকীক ফল’ কৰি আহিছে । তিনি বছৰ পূৰ্বে হঠাৎ লাভ কৰা খ্যাতি ,সেই প্ৰভাৱ ,নাম-যশ এতিয়া নাই ।

বৰ্তমান আগৰ দৰেই আৰ্থিক অনাটনত দুবেলা-দুমুঠি খাই গীতৰ যোগেদি ভিক্ষা বৃত্তিত জড়িত হৈ আছে । তথাপি জনপ্ৰিয় হৈ থকা গায়িকাগৰাকীৰ ঘৰত বিভিন্ন ইউটিউবাৰে ভিৰ কৰা পৰিলক্ষিত হয়। সম্প্ৰতি ৰাণুক দেখা গ’ল এটা আশ্চৰ্যকৰ কাণ্ড কৰাত । এজন যুৱ ইউটিউবাৰৰ মটৰচাইকেলৰ পিছত বহি ৰোমান্টিক হিন্দী গান ” চোৰি চোৰি চুপকে চুপকে ” গানত লিপছ মিলাই গীত পৰিবেশন কৰা ।

তথ্য অনুসৰি , এদিন ৰাণুৰ ঘৰত উপস্থিত হোৱা এই সুদৰ্শন ইউটিউবাৰজনে মটৰচাইকেলৰ পিছত এটা ছুটি নাইটি পৰিহিতা ৰাণুক লৈ ৰোমান্টিক মুডত ধৰা দিলে । দুয়োৰে প্ৰতিটো প্ৰকাশভংগী আছিল অতি ৰোমান্টিক আৰু অনবদ্য । স্বাভাৱিকতে এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত খলকনি তুলিছে । এই ৰুষ্ট ,এই তুষ্ট স্বভাৱৰ ৰাণু কিন্তু এই ভিডিঅ’ত কিছু বেলেগ মেজাজত দেখা গৈছে । সমান্তৰালকৈ কিছু মানুহ কিন্তু ৰাণুৰ এই অৱতাৰত তীব্ৰ অসন্তুষ্ট হোৱা দেখা গৈছে । নেটিজেনৰ একাংশৰ মতে এগৰাকী মানসিক ভাৰসাম্যহীন মহিলাক লৈ কৰা এই প্ৰচাৰ মুঠেই গ্ৰহণযোগ্য নহয় । কেৱল ভিউজ বঢ়োৱাৰ স্বাৰ্থত এই ইউটিউবাৰজনে কৰা এই কাণ্ড চৰম নিন্দনীয় ।

Exit mobile version