Gujarat Bridge Collapse : গুজৰাটত ওলমা দলঙৰ দুৰ্ঘটনাৰ চিচিটিভি ফোটেজ ভাইৰেল

download 2

Gujarat:

দেওবাৰে সন্ধিয়া প্ৰায় ছয় বাজি ৩০ মিনিতত গুজৰাটৰ মাচ্চু নদীৰ ওপৰৰ ওলমা দলং ভাঙি পৰাৰ ফলত শতাধিক লোকৰ মৃত্যু হয় । বৰ্তমানলৈকে এই দুৰ্ঘটনাত ১৪১ গৰাকী লোকৰ মৃত্যু হৈছে ।

প্ৰাথমিকভাৱে দলংখনে অত্যধিক ভৰ বহন কৰিব নোৱাৰাৰ বাবে ভাঙি পৰা বুলি সন্দেহ কৰা হৈছিল যদিও দুৰ্ঘটনাৰ এটা চিচিটিভি ফুটেজ সামাজিক মাধ্যমত ভাইৰেল হৈছে ।

এই দুৰ্ঘটনাৰ ভিডিঅ’ প্ৰকাশ কৰিছে জ্যেষ্ঠ সাংবাদিক ৰাজদীপ ছাৰদেশায়ে । ভিডিঅ’টোত দেখা গৈছে দলংখনত যুৱক-যুৱতীৰ এটা দল আছিল, তাৰে কিছুসংখ্যকে দলংখন দোলাই আছে ।

টুইটাৰত ভিডিঅ’ প্ৰকাশ কৰি জ্যেষ্ঠ সাংবাদিক ছাৰদেশায়ে লিখে, “এয়া মৰবি দলং ভঙাৰ প্রামাণিক চিচিটিভি ফুটেজ : জনসাধাৰণক দোষাৰোপ কৰিবৰ বাবে ভাইৰেল কৰা পুৰণি ভিডিঅ’ নহয় । হয়, দলঙত ভিৰ আছিল, কিন্তু নিৰাপত্তা নিশ্চিত কৰাৰ স’তে জড়িতসকলৰ একাধিক স্তৰৰ ব্যর্থতাৰ বাবে জনতাক দোষাৰোপ কৰা হ’ব ।”

Exit mobile version