Gujarat Bridge Collapse : গুজৰাটত ওলমা দলঙৰ দুৰ্ঘটনাত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা 

বৰ্তমানলৈকে উদ্ধাৰ ১৪১ জনৰ মৃতদেহ

WhatsApp Image 2022 10 31 at 14.06.53

Gujarat Bridge Collapse :

গুজৰাটত এখন ওলমি থকা দলং খহি পৰাৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। শেহতীয়া প্ৰতিবেদন অনুসৰি, বৰ্তমানলৈকে ১৪১ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বহুলোক গুৰুতৰভাৱে আহত হৈছে।

তেওঁলোকক এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, মাচ্চু নদীৰ পাৰত কমেও ১০০ জন লোক আৱদ্ধ হৈ আছে । পোহৰলৈ অহা ভিডিঅ’টোত, বহুলোকক নদীৰ পানীত সাঁতুৰি পাৰলৈ উঠিবলৈ চেষ্টা কৰা দেখা গৈছে।

তথ্য অনুসৰি, দেওবাৰে সন্ধিয়া প্ৰায় ছয় বাজি ৩০ মিনিতত মাচ্চু নদীৰ ওপৰেৰে ওলমি থকা দলংখন খহি পৰাৰ ফলত এই ঘটনা সংঘটিত হয়। একে সময়তে কমেও ৫০০ জন লোকে। সেই দলংখনত উঠি পৰাত এই ঘটনা সংটিত হয় ।

মৃতসকলৰ ভিতৰত ২৫ জন শিশু । প্ৰথমতে, স্থানীয় বাসিন্দাসকলৰ সহায়ত উদ্ধাৰ অভিযান চলোৱা , কিন্তু পাছত দুৰ্যোগ প্ৰশমন বাহিনী আৰু আৰক্ষীয়ে গৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান ।

জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বহুতো এম্বুলেন্স ঘটনাস্থলীলৈ অনা হৈছে। স্থানীয় বাসিন্দাসকলে জনাই যে দলংখনত থকা সকলৰ বেছিভাগেই পৰ্যটক

প্ৰাপ্ত তথ্য অনুসৰি, দলংখন ৰক্ষণাবেক্ষণৰ পিছত পাঁচ দিন আগতে পুনৰ মুকলি কৰা হৈছিল। দুৰ্যোগটো ছয় দিনৰ ভিতৰতে সংঘটিত হয়।

ঘটনাটোৰ পাছত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক ফোন কৰে। তেওঁ ৰাজ্য প্ৰশাসনক উদ্ধাৰ অভিযান ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। পাছত প্ৰধানমন্ত্ৰীৰ সচিবালয়ে জাৰি কৰা এক বিবৃতিত প্ৰকাশ কৰি কোৱা হৈছে, “দুৰ্ঘটনাত ক্ষতিগ্ৰস্তসকলক সাহায্য কৰাৰ বাবে আৰু পৰিস্থিতিৰ প্ৰতি প্ৰতি সজাগ হৈ তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে তেওঁ সংশ্লিষ্ট সকলো পক্ষকে নিৰ্দেশ দিছে ।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতকৰ পৰিয়ালক দুই লাখ টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে। লগতে আহতসকলক ৫০ হেজাৰ টকাৰ আৰ্থিক সাহায্যৰ কথাও ঘোষণা কৰে। গুজৰাট চৰকাৰে মৃতকৰ পৰিয়ালক চাৰি লাখ টকাৰ আৰ্থিক সাহয্য ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইটাৰত এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰে। উদ্ধাৰ অভিযান পূৰ্ণ গতিত আৰম্ভ হৈছে। তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে ।

Exit mobile version