গুজৰাটত এখন ওলমি থকা দলং খহি পৰাৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। শেহতীয়া প্ৰতিবেদন অনুসৰি, বৰ্তমানলৈকে ১৪১ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বহুলোক গুৰুতৰভাৱে আহত হৈছে।
তেওঁলোকক এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, মাচ্চু নদীৰ পাৰত কমেও ১০০ জন লোক আৱদ্ধ হৈ আছে । পোহৰলৈ অহা ভিডিঅ’টোত, বহুলোকক নদীৰ পানীত সাঁতুৰি পাৰলৈ উঠিবলৈ চেষ্টা কৰা দেখা গৈছে।
তথ্য অনুসৰি, দেওবাৰে সন্ধিয়া প্ৰায় ছয় বাজি ৩০ মিনিতত মাচ্চু নদীৰ ওপৰেৰে ওলমি থকা দলংখন খহি পৰাৰ ফলত এই ঘটনা সংঘটিত হয়। একে সময়তে কমেও ৫০০ জন লোকে। সেই দলংখনত উঠি পৰাত এই ঘটনা সংটিত হয় ।
মৃতসকলৰ ভিতৰত ২৫ জন শিশু । প্ৰথমতে, স্থানীয় বাসিন্দাসকলৰ সহায়ত উদ্ধাৰ অভিযান চলোৱা , কিন্তু পাছত দুৰ্যোগ প্ৰশমন বাহিনী আৰু আৰক্ষীয়ে গৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান ।
জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বহুতো এম্বুলেন্স ঘটনাস্থলীলৈ অনা হৈছে। স্থানীয় বাসিন্দাসকলে জনাই যে দলংখনত থকা সকলৰ বেছিভাগেই পৰ্যটক ।
প্ৰাপ্ত তথ্য অনুসৰি, দলংখন ৰক্ষণাবেক্ষণৰ পিছত পাঁচ দিন আগতে পুনৰ মুকলি কৰা হৈছিল। দুৰ্যোগটো ছয় দিনৰ ভিতৰতে সংঘটিত হয়।