Guwahati : কলাক্ষেত্ৰত ৩১৮ আত্মসমৰ্পণকাৰী উগ্ৰপন্থীক আৰ্থিক সাহায্য বিতৰণ

WhatsApp Image 2022 10 31 at 14.59.54

Guwahati :

আত্মসমৰ্পণকাৰী উগ্ৰপন্থী সংগঠনৰ সদস্যক আজি আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠান কৰা হয় ৷ অসম আৰক্ষীৰ দ্বাৰা শ্ৰীমন্তশঙ্কৰদেৱৰ প্ৰেক্ষাগৃহত আয়োজিত সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই এককালীন সাহায্যৰ চেক বিতৰণ কৰে ৷

প্ৰতিজনক দিয়া হৈছে ১.৫০ লাখ টকাকৈ অৰ্থ সাহায্য । মুঠ ৩১৮ গৰাকী ইউজিপিঅ, টিএল এ, ডিএনএল এ, কেএলএফ, কেএন এল এ, প্ৰাক্তন সদস্যক বিতৰণ কৰা হয় এই সাহাৰ্য ৷

অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিৰেণ নাথে আঁত ধৰা সভাখনত তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন বৰ, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, গুৱাহাটী আৰক্ষী আয়ুক্ত অৰপিট সিং, বিগ্ৰেডিয়াৰ মেছিদিও জেকৱ, চি আৰ পি এফৰ মহাপৰিদৰ্শক সোনাল মিশ্ৰ আৰু এছ বি আই আঞ্চলিক প্ৰৱন্ধক অৰবিন্দ সিং উপস্থিত থাকে ৷

Exit mobile version