Guwahati : মহানগৰীৰ নেহৰু ষ্টেডিয়ামত ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ একতা দৌৰ

c1fa6239 2514 487e 9493 f185f6287247

Guwahati

গুৱাহাটী নেহৰু ষ্টেডিয়ামত আজি পুৱা ভাৰতৰ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ লগত সংগতি ৰাখি স্পটছ অথৰিটি অৱ ইণ্ডিয়াই একতাৰ দৌৰ আয়োজন কৰে ৷ একতা দৌৰ কাৰ্যসূচীৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

একতা দিৱসৰ দৌৰৰ শুভাৰম্ভ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই ভাৰতৰ একতা আৰু স্বতন্ত্ৰতাৰ ভেটি সুদৃঢ় কৰা এই মহান সত্তাগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত যাচি কয়, আমাৰ যুৱক-যুৱতীসকলক চৰ্দাৰ বল্লভভাই পেটেলৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ দেশৰ অখণ্ডতাৰ ভেটি অধিক সুদৃঢ়কৰণত অৰিহণা যোগাবৰ বাবে নিজকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়৷ লগতে মুখ্যমন্ত্ৰী জনে একতাৰ দৌৰৰ আয়োজক আৰু সকলো অংশগ্ৰহণকাৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ৷

একতা দৌৰৰ কাৰ্যসূচীত হস্ততাঁত বস্ত্ৰ বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, ৰাজ্যসভাৰ সদস্য ভুৱনেশ্বৰ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া উপস্থিত থাকে ।

Exit mobile version