Target Election : লক্ষ্য নিৰ্বাচন : আৰ্থিক সংকটৰ মাজতে ৰূপায়ণ হ’ব অধিক আঁচনি

WhatsApp Image 2022 10 31 at 14.02.18

Target Election :

আর্থিক সংকট তথা চৰকাৰী আঁচনিৰ ভিৰৰ মাজতে আৰু অধিক আঁচনি প্ৰৱৰ্তনৰ তৎপৰতা অব্যাহত ৰাখিছে অসম চৰকাৰে। যথাসম্ভৱ ক্ষিপ্ৰতাৰে এই কাম কৰিব বিচৰাৰ মূল লক্ষ্য হ’ল আগন্তুক লোকসভা নির্বাচন।

সেয়েহে ৰাজ্যৰ নিজাববীয়া আঁচনিৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন প্ৰস্তাৱৰ আধাৰত নতুন নতুন আঁচনি গ্ৰহণ আৰু ৰূপায়ণৰ সকলো চেষ্টা অব্যাহত ৰাখিছে দিছপুৰে। তাৰ বাবে কে’বাজনো ভাৰতীয় প্রশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়াক বিশেষ দায়িত্ব অর্পণ কৰা হৈছে ।

এই বিষয়াসকলৰ জৰিয়তে নতুন আঁচনিৰ পৰিকল্পনা কৰা, কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ভিত্তিক পৰিকল্পনাবোৰৰ ওপৰত সূক্ষ্ম দৃষ্টি ৰাখি দিল্লীৰ লগত যোগাযোগ চলাই থকা আদি কামবোৰ আগবঢ়োৱা হৈছে। এনে তৎপৰতাৰ অংশৰূপে ৰাজ্য চৰকাৰে স্বাস্থ্য বীমাৰ নতুন এখন আঁচনি প্ৰৱৰ্তনৰ যো-জা চলাইছে।

আয়ুষ্মান ভাৰতৰ অনুকৰণত ৰূপায়ণ হ’বলগীয়া এই আঁচনিৰ সহায়ত একোটা পৰিয়ালে বছৰি পাঁচ লাখ টকাৰ চৰ্তভিত্তিক বিনামূলীয়া চিকিৎসা লাভ কৰিব। সাধাৰণ লোকৰ জীৱনক স্পৰ্শ কৰিব পৰা এই ধৰণৰ আঁচনিতে চৰকাৰখনে গুৰুত্ব দিছে।

সেই সূত্রেই দিছপুৰে বৰ্তমান অধিক চকু ৰখা কেন্দ্ৰৰ এটা প্ৰস্তাৱ হ’ল ‘প্রাইম মিনিষ্টাৰ’ছ ডেভেলপমেন্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট ৰিজিয়ন (পি এম ডি আই এন ই)।২০২২-২৩ ৰ কেন্দ্ৰীয় বাজেটত এই পদক্ষেপৰ ঘোষণা কৰা হৈছে।

আঁচনিখনৰ বিপৰীতে চলিত বিত্তীয় বৰ্ষত ধার্য কৰা ধনৰ পৰিমাণ হ’ল ১৫ শ কোটি টকা। আনহাতে, ২০২৫-২৬ লৈ ধার্য কৰা হৈছে ৬,৬০০ কোটি টকা। আঁচনিখনৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত আন্তঃগাঁথনি নির্মাণ,ঔদ্যোগিক খণ্ড বিকাশত সহযোগিতা, সামাজিক উন্নয়নমূলক প্রকল্প ৰূপায়ণ, যুৱ আৰু মহিলাৰ জীৱিকা সংক্রান্তীয় কাৰ্যসূচী ৰূপায়ণৰ মূল লক্ষ্য কৰি লোৱা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য ৰাজ্য হিচাপে অসমে কেন্দ্ৰীয় আঁচনিখনৰ সহায়ত যিমান সম্ভৱ সিমান আঁচনি তথা প্রকল্প ৰূপায়ণত গুৰুত্ব আৰোপ কৰিছে। লক্ষ্যসমূহৰ ভিতৰত যুৱ আৰু মহিলাৰ জীৱিকাৰ সুয়োগ বৃদ্ধি বিষয়ক আঁচনিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰা বুলি দিছপুৰৰ সূত্ৰই সদৰী কৰে।

সূত্ৰটোৱে উল্লেখ কৰা অনুসৰি পি এম ডি আই এন ই আঁচনিখন এশ শতাংশ কেন্দ্ৰীয় পুঁজিৰে ৰূপায়ণ কৰা হ’ব। ইয়াৰ ৰূপায়ণৰ দায়িত্বত আছে ড’নাৰ মন্ত্রণালয়। কেন্দ্ৰই আঁচনি ৰূপায়ণৰ সমস্ত ব্যয় বহন কৰিব বাবেই অসম চৰকাৰে আঁচনিখনক লৈ তৎপৰতাৰ মাত্ৰা অধিক বৃদ্ধি কৰিছে।

অইন নহ’লেও সাধাৰণ মানুহৰ জীৱনক স্পৰ্শ কৰিব পৰা আঁচনি তথা প্ৰকল্প যাতে ৰাজ্যখনত শীঘ্ৰে কাৰ্যকৰী কৰিব পৰা যায় সেই ক্ষেত্ৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় তৎপৰ হোৱা বুলিও সূত্ৰটোৱে উল্লেখ কৰে। সেয়েহে জীৱিকা সম্পৰ্কীয় প্রকল্প ৰূপায়ণত অগ্ৰাধিকাৰ দিয়া হৈছে।

এই আঁচনিখনৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ সাধাৰণ মানুহৰ জীৱনৰ লগত জড়িত অন্যান্য আঁচনিৰ সফল ৰূপায়ণত দিছপুৰে গুৰুত্ব আৰোপ কৰিছে। আনহাতে, দিছপুৰৰ তৎপৰতাত কেন্দ্ৰীয় চৰকাৰেও এই পর্যন্ত সঠিকভাৱেই সহযোগিতা কৰা বুলি সূত্ৰটোৱে দাবী কৰে।

প্ৰসংগক্রমে উল্লেখ্য যে কেন্দ্ৰৰ লগত অসম চৰকাৰেও উপর্যুপৰি আঁচনি ঘোষণা আৰু ৰূপায়ণতে ব্যস্ত থকা বুলি সততে সমালোচিত হৈ আহিছে। বিশেষকৈ হিতাধিকাৰী ভিত্তিক আঁচনিৰ ভিৰে দেশৰ অর্থনীতিয়ে মাধমাৰ শোধোৱা বুলি বিৰোধীৰ লগত বিশেষজ্ঞ মহলেও চৰকাৰক সমালোচনা অব্যাহত ৰাখিছে।

কিন্তু সেইবোৰক গুৰুত্বহীন কৰি চৰকাৰ নিত্য নতুন আঁচনিৰ কামতহে ব্যস্ত। অন্ততঃ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশত আৰু অধিক আঁচনি ৰূপায়ণৰ সম্ভাৱনা আছে। একেদৰে কেন্দ্ৰৰ সহযোগত বিজেপি শাসিত ৰাজ্যবোৰেও আঁচনিৰ জোৱাৰ তোলাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিভিন্ন মহলে।

Exit mobile version