Weste Plastic : পেলনীয়া প্লাষ্টিকৰ পৰা প্ৰস্তুত পেট্ৰ’ল আৰু ডিজেল প্ৰস্তুত নগাঁৱৰ এজন ব্যক্তিৰ এই উদ্ভাৱন

Weste Plastic :

পেলনীয়া প্লাষ্টিকৰ পৰা প্ৰস্তুত কৰা হৈছে পেট্ৰ’ল আৰু ডিজেল ৷প্ৰস্তুত কৰাৰ কৌশল উদ্ভাৱন কৰিছে নগাঁও জিলাৰ জুৰীয়াৰ লালুং গাৱঁৰ গাঁও প্ৰধান গৰাকীয়ে ৷ লালুং গাঁৱৰ গাওঁ প্ৰধান জাফৰ আলীয়ে এই অসাধ্য সাধন কৰি দেখুৱাইছে। একেবাৰে সৰল এক প্ৰক্ৰিয়াৰে ইন্ধন প্ৰস্তুত কৰি উলিয়াইছে য’ত পানীৰ প্ৰয়োজন নাই লগতে ইয়াত পেলনীয়া পানীও নোলায়।

পেলনীয়া প্লাষ্টিক সামগ্ৰীক গৰম কৰি গলাই পেট্ৰল আৰু ডিজেল প্ৰস্তুত কৰা হয়। তেওঁ প্ৰকল্পৰ জৰিয়তে প্লাষ্টিক ইন্ধনলৈ পৰিণত কৰি নিজৰ মটৰ চাইকেল ব্যৱহাৰ কৰিছে।পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিকহে তেওঁ এই কামৰ বাবে ব্যৱহাৰ কৰে। ১ কুইন্টল পেলনীয়া প্লাষ্টিকৰ পৰা ৭০ পৰা ৮০ লিটাৰ ইন্ধন প্ৰস্তুত কৰিব পৰাৰ কথা প্ৰকাশ কৰে ৷

বৰ্তমান প্ৰস্তুত কৰা ইন্ধন এতিয়াও বিশুদ্ধ নহয় যদিও জাফৰ আলীয়ে শোধন কৰি ব্যৱহাৰ যোগ্য ইন্ধন প্ৰস্তুতৰ চেষ্টা অব্যাহত ৰাখিছে। যদি চৰকাৰে অনুমতি দিয়ে আৰু শোধন কৰি বিশুদ্ধ পেট্ৰল প্ৰস্তুত সম্পূৰ্ণ হয় তেন্তে অসমৰ বাবে ই এক ভাল খবৰ হ’ব। এই প্ৰক্ৰিয়াৰে বাণিজ্যিক পেট্ৰল প্ৰস্তুত কৰিলে ইয়াৰ বজাৰ মূল্য হ’ব ৭০ পৰা ৭৫ টকাৰ ভিতৰত। ইতিমধ্যে জাফৰ আলীয়ে উদ্যোগ পঞ্জীয়ন বাবে আবেদনো কৰিছে। সকলো কাম সুকলমে সম্পন্ন হ’লে পেলনীয়া প্লাষ্টিক পুনৰ ব্যৱহাৰে প্ৰদূষণমুক্ত পৰিৱেশৰ গঢ়াৰ সহায়ক হ’ব।

Exit mobile version