Gujarat : গুজৰাটৰ দুৰ্ঘটনা,আন্তৰ্জাতিক মহলৰ দুখ প্ৰকাশ

WhatsApp Image 2022 11 01 at 13.56.50

Gujarat :

গুজৰাটৰ ওলমা দলং খহি পৰাৰ ফলত ১০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু কে’বাজনো লোক সন্ধানহীন বুলি দাবী কৰা হৈছে।মোৰবিৰ দলং দুৰ্ঘটনা বাবে দুখ প্ৰকাশ কৰিছে আন্তৰ্জাতিক মহলে

মৃতকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে আমেৰিকা আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিসকলে ।

দেওবাৰে সন্ধিয়া ব্ৰিটিছ যুগত নিৰ্মাণ কৰা শতিকা পুৰণি ওলমি থকা দলঙখন খহি পৰে। ঘটনাটোত ১৪০ জনৰো অধিক লোক নিহত হৈছে । আন কে’বাজনো লোক আহত হৈছে । সাক্ষীসকলে দাবী কৰিছিল যে দলংখন খহি পৰাৰ সময়ত শ শ লোক সমবেত হৈছিল ।

দলংখন নৱীকৰণৰ বাবে বন্ধ কৰা হৈছিল আৰু ২৬ অক্টোবৰত ৰাইজৰ বাবে পুনৰ মুকলি কৰা হয় । ঘটনাসন্দৰ্ভত দলং মেৰামতি কোম্পানীৰ এজন কৰ্মচাৰীকে ধৰি নজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

আমেৰিকাযুক্ত ৰাষ্ট্ৰপতি জ’ বাইডেনে গুজৰাটত দলং খহি পৰা সন্দৰ্ভত এক বিবৃতিত লিখিছে, “আমি ভাৰতৰ লগত আছোঁ । মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। আমেৰিকা আৰু ভাৰতৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে। আমি এই কঠিন সময়ত ভাৰতীয়সকলৰ স’তে আছো। “

আমেৰিকাৰ দৰে ৰাছিয়াইও দলং দুৰ্ঘটনাত ভাৰতৰ কাষত থিয় দিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখিছিল, “গুজৰাটৰ দলং দুৰ্যোগত নিহত সকলৰ পৰিয়াললৈ মোৰ সমবেদনা। ইজৰাইলৰ প্ৰধানমন্ত্ৰী য়াৰ লাপিদে দুখৰ বাৰ্তা জাৰি কৰিছে ।

শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহে জনাই যে তেওঁ ঘটনাটোত গভীৰভাৱে দুখিত ।

নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা, চৌদি আৰৱৰ বৈদেশিক মন্ত্ৰালয় আৰু চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰসকলেও শোক প্ৰকাশ কৰিছে। এক বিবৃতিত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ঝাও লিজিয়ানে কয়, “কি ঘটিছিল আমি নিৰীক্ষণ কৰি আছো। মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো । ”

Exit mobile version