Gujarat : মোৰবিৰ দলঙ দুৰ্ঘটনা বিচাৰবিভাগীয় তদন্তৰ দাবী , উচ্চতম ন্যায়ালয়ত দাখিল জনস্বাৰ্থ গোচৰ

WhatsApp Image 2022 10 31 at 21.00.31

Gujarat :

গুজৰাটৰ মোৰবিৰ দলং কাণ্ডৰ ন্যায়িক তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা (পিআইএল) দাখিল কৰা হৈছে। এই গোচৰটোৰ শুনানিৰ বাবে সন্মত হৈছে শীৰ্ষ ন্যায়ালয় ।

মোৰবিৰ দলং দুৰ্যোগত ১৪১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছে বহুতো লোক । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মঙলবাৰে মোৰবিৰ ভ্ৰমণ কৰাৰ কথা আছে।

এই পৰিস্থিতিত, দুৰ্যোগসন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা দাখিল কৰা হৈছে। দুৰ্যোগৰ কাৰণ অনুসন্ধানৰ বাবে এখন ন্যায়িক তদন্ত সমিতি গঠন কৰিবলৈ অনুৰোধ কৰা হৈছে।

এই তদন্ত কমিতিয়ে যেনে আদালতৰ তত্বাৱধানত কাম কৰে সেয়াও আবেদন কৰা হৈছে এই জনস্বাৰ্থ গোচৰত । উচ্চতম ন্যায়ালয়ে গোচৰটো গ্ৰহণ কৰিছে। ইয়াৰ শুনানি ১৪ নৱেম্বৰত হ’ব।

মোৰবিৰ ব্ৰিটিছ কালছোৱাৰ এই দলঙখন অ’ৰেভা নামৰ এটা কোম্পানীয়ে পুনৰ নিৰ্মাণ কৰিছিল। ২৬ অক্টোবৰত দলংখন মুকলি কৰাৰ পাঁচ দিনৰ পাছতে দেওবাৰে এই দুৰ্ঘটনাটো সংঘটিত হয়।

অভিযোগ কৰা হৈছে যে দলংখন স্বাস্থ্য পৰীক্ষা অবিহনে মুকলি কৰা হয় । সংস্কাৰ প্ৰতিষ্ঠানটোৰ কেবাজনো কৰ্মীক সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছে । কিন্তু এই ডাঙৰ দুৰ্যোগৰ আঁৰৰ প্ৰকৃত ৰহস্য জানিবলৈ উচ্চতম ন্যায়ালয়ত পিআইএল দাখিল কৰা হৈছে।

Exit mobile version