Lachit Nagar : সদাব্যস্ত মহানগৰৰ ৰাজপথত চোকা অস্ত্ৰৰ আঘাতত আহত এজন

WhatsApp Image 2022 11 01 at 19.28.12

Lachit Nagar :

সদাব্যস্ত মহানগৰৰ পদপথত অসুৰক্ষিত পথৰুৱা ৷ যিকোনো মুহূৰ্ততে আক্ৰমণৰ সন্মুখীন হ’ব পাৰে পদপথেদি যোৱা লোক ৷

মঙলবাৰে জিএছ ৰোডৰ লাচিত নগৰত সংঘটিত হ’ল এক অঘটন ৷ পথৰ কাষতে থকা হনুমান মন্দিৰত সমীপতে বহি আছিল একাংশ লোক ৷

সেই সময়তে পদপথেদি গৈ থকা এজন মানসিক বিকাৰগ্ৰস্ত যুৱকে হঠাতে হাতত লৈ থকা চোকা অস্ত্ৰৰে এগৰাকী পদপথৰ লোকক কোনো কথাৰ অৱতাৰণা নকৰাকৈ আক্ৰমণ কৰে ৷ যুৱকৰৰ প্ৰহাৰত ডিঙিত আঘাতপ্ৰাপ্ত লোক জন পদপথত ঢলি পৰে ৷
গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক ততাতৈয়াকৈ ভৰ্তি কৰা হয় জি এম চি এইছত ৷ আনহাতে ঘটনা সংঘটিত কৰিয়ে সেই স্থান ত্যাগ কৰে মানসিক বিকাৰগ্ৰস্ত যুৱকজনে ৷

পিছত পল্টন বজাৰ আৰক্ষী উপস্থিত হৈ যুৱক জনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে যদিও সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷

Exit mobile version