LPG : কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস !

WhatsApp Image 2022 11 01 at 13.05.35

LPG :

আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে জনতাক আকৰ্ষিত কৰাকৈ শেহতীয়াকৈ লৈছে বিশেষ পদক্ষেপ ৷ ইতিমধ্যে খাদ্য সামগ্ৰী আৰু অনান্য দৈনিক ব্যৱহাৰ্য সামগ্ৰীৰ আাকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাইজক ক্ষোভিত কৰাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ আনিছে এক ভাল খবৰ ৷

মঙলবাৰৰ পৰা হ্ৰাস কৰা হৈছে এ পি জি চিলিণ্ডাৰৰ মূল্য ৷ অৱশ্যে এই মূল্য হ্ৰাস পাইছে ১৯ কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত ৷

বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১১৫.৫০ টকা হ্ৰাস কৰা হৈছে সমগ্ৰ দেশতে। আনহাতে ঘৰুৱা ব্যৱহাৰ্য চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হোৱা নাই ৷

দেশৰ চাৰি মেট্ট’ চিটি ক্ৰমে মুম্বাইত পূৰ্বতে ১৮৪৪ টকাত উপলব্ধ চিলিণ্ডাৰৰ মূল্য এতিয়া হ্ৰাস পাই হ’ব ১৬৯৬ টকাত  ৷ একেদৰে চেন্নাইত এটা বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য আছিল ২০০৯.৫০ টকা আৰু এতিয়া হ’ব ১৮৯৩ টকা ৷

দেশৰ ৰাজধানী চহৰ দিল্লীত পূৰ্বতে এটা বাণিজ্যিক ৰন্ধন গেচৰ চিলিণ্ডাৰৰ মূল্য আছিল ১৮৫৯.৫ টকা ৷ এতিয়া হ্ৰাস পোৱাৰ পিছত হ’ব ১৭৪৪ টকা ৷

আনহাতে কলকাতাত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আছিল ১৯৯৫.৫০ টকা আৰু এতিয়া হ্ৰাস পাই হ’বগৈ ১৮৪৬ টকা ৷

Exit mobile version