Moon : চন্দ্ৰ অদৃশ্য হৈ গ’লে পৃথিৱীত দিন হ’ব মাত্ৰ ছঘন্টা , নহ’ব জোৱাৰ-ভাটা !

WhatsApp Image 2022 11 01 at 16.43.04

Moon :

চন্দ্ৰ হৈছে আমাৰ একমাত্ৰ উপগ্ৰহ । পৃথিৱীৰ পৰা তিনি লাখ ,৮৪ হাজাৰ ৩৯৯ কিলোমিটাৰ দূৰৈত অৱস্থিত এই উপগ্ৰহৰ বাবেই আমি পৃথিৱীত থাকিবলৈ সক্ষম হৈ আহিছোঁ । পূৰ্বে ধাৰণা কৰা হৈছিল যে ,পৃথিৱী আৰু চন্দ্ৰৰ বয়স সমান ।

কিন্তু বিজ্ঞানীসকলে গৱেষণা কৰি কৈছে যে, পৃথিৱীতকৈ চন্দ্ৰ প্ৰায় ৮৫ মিলিয়ন বছৰ সৰু । কেতিয়াবা আমি কল্পনা কৰি চাও নে যে ,হঠাৎ যদি চন্দ্ৰটো অদৃশ্য হৈ যায় পৃথিৱীত কি কি পৰিৱৰ্তন হ’ব ! সৰ্বপ্ৰথম অৱশ্যেই এইটো পৰিৱৰ্তন হ’ব যে পৃথিৱীত ৰাতিত সম্পূৰ্ণ অন্ধকাৰে গ্ৰাস কৰিব ।

চন্দ্ৰ আছে বাবেই আমি ৰাতি জোনাকৰ পোহৰ পাওঁ । ৰাতিও সূৰ্যৰ পোহৰ চন্দ্ৰত প্ৰতিফলিত হৈ পৃথিৱীত পৰে । কিন্তু এই চন্দ্ৰ নাথাকিলে ৰাতিবোৰ ঘোৰ অন্ধকাৰে ঘেৰি ধৰিব লগতে দিনৰভাগতো পৰিৱৰ্তন আহিব । চন্দ্ৰ নাথাকিলে পৃথিৱীত জোৱাৰ-ভাটা নহ’ব । আমি কেতিয়াও সমুদ্ৰৰ বিশাল ঢৌ দেখিবলৈ নাপাওঁ ।

পৃথিৱীক যেনেকৈ মধ্যাকৰ্ষণ শক্তিয়ে অনবৰতে টানি থাকে, ঠিক তেনেকৈ চন্দ্ৰও পৃথিৱীৰ ওপৰত মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱ পেলাই আহিছে । চন্দ্ৰৰ মধ্যাকৰ্ষণ শক্তিৰ বাবেই পৃথিৱীৰ ঘূৰ্ণন গতি কম হৈ থাকে । চন্দ্ৰৰ এই মধ্যাকৰ্ষণ শক্তিৰ বাবেই সমুদ্ৰত ঢৌৰ সৃষ্টি হয় ।

সমুদ্ৰৰ যি অংশ চন্দ্ৰৰ দিশত আছে, সেই ঠাইত চন্দ্ৰৰ আকৰ্ষণৰ বাবে উচ্চ জোৱাৰৰ সৃষ্টি হয় আৰু তাৰ বিপৰীতে নিম্ন জোৱাৰৰ সৃষ্টি হয় । বাকী দুই মূৰত ভাটৰ সৃষ্টি হয় । যিহেতু পৃথিৱীখন অনবৰতে ঘূৰি থাকে , পৃথিৱীৰ এই ঘূৰি থকা অৱস্থাৰ বাবেই জোৱাৰ-ভাটাৰ পৰিৱৰ্তন হয় । যদি চন্দ্ৰ অদৃশ্য হৈ যায় , তেন্তে সমুদ্ৰত জোৱাৰ-ভাটাৰ পৰিমাণ হ্ৰাস পাই তিনি ভাগৰ এভাগহে হ’ব ।

ইয়াৰ লগতে চন্দ্ৰৰ মধ্যাকৰ্ষণ শক্তিৰ বাবেই পৃথিৱীৰ ঘূৰি থকা গতি কমি থাকে । তেনেক্ষেত্ৰত যদি চন্দ্ৰ নাথাকে ,তেন্তে পৃথিৱীৰ গতি সাংঘাতিক ধৰণে বৃদ্ধি পাব । ফলত পৃথিৱীত দিনৰ সময় সীমা কমি আহিব । অৰ্থাৎ হঠাৎ চন্দ্ৰ অদৃশ্য হৈ গ’লে আমাৰ দিনৰ সময় ১২ ঘন্টাৰ পৰিৱৰ্তে ছঘন্টা হ’ব । ফলত সৌৰবছৰৰ দিনৰ সংখ্যা বাঢ়ি যাব ।

একেদৰে চন্দ্ৰ নাথাকিলে আমাৰ ঋতুচক্ৰৰো পৰিৱৰ্তন হ’ব । আমি জানো পৃথিৱী অক্ষে ২৩.৫° হেলনীয়া হৈ থাকে । কিন্তু চন্দ্ৰ নাথাকিলে পৃথিৱী হেলনীয়াকৈ স্থিৰ হৈ থাকিব নোৱাৰিব । মঙল গ্ৰহ প্ৰায় ২৫°ৰ পৰা ৩৫° পৰ্য্যন্ত হেলনীয়া হৈ থাকে । চন্দ্ৰ নাথাকিলে পৃথিৱীখন হয়তো অনবৰতে লৰ-চৰ কৰি থাকিব ।

চন্দ্ৰই পৃথিৱীৰ এটা অংশতহে ক্ৰিয়া কৰি থাকে । এই অংশতেই চন্দ্ৰই বিভিন্ন প্ৰকাৰৰ গ্ৰহাণুৰ পৰা পৃথিৱীক ৰক্ষা কৰি আহিছে । যদি চন্দ্ৰ অদৃশ্য হৈ যায় ,তেন্তে পৃথিৱীয়ে বিভিন্ন আঘাত সহ্য কৰিব লাগিব । এই সকলো আলোচনাৰ পৰা এইকথা স্পষ্ট হৈ পৰিল যে , যদি হঠাৎ চন্দ্ৰ অদৃশ্য হৈ যায় , তেন্তে পৃথিৱী থমকি যাব ।

থমকি যাব পৃথিৱীৰ সকলো প্ৰাণীকুল ও জীৱকুল । আনকি দিনৰ সময়তো পৃথিৱীত প্ৰভাৱ পৰিব । ৰাতি হ’ব ঘনঘোৰ অন্ধকাৰ । ঋতুৰ বৈচিত্ৰ্যতা আহিব । পৃথিৱীত কেতিয়াও পৃৰ্ণিমা নহ’ব । পৃথিৱী হৈ যাব মলিন আৰু শূণ্য । লাহে লাহে ধ্বংসৰ দিশলৈ গতি কৰিব জীৱ উপযোগী সেউজীয়া পৃথিৱী ।

Exit mobile version