Nagarjune vs Ambani : বিলাসবহুল জীৱন যাপনত মুকেশ আম্বানিও হাৰ মানিব এইজন অভিনেতাৰ লগত –

WhatsApp Image 2022 11 01 at 14.27.37 1

Nagarjune vs Ambani :

এই সময়ত ভাৰতৰ আটাইতকৈ ধনী ব্যৱসায়ীজনেই হৈছে মুকেশ আম্বানি । তেওঁৰ বিলাসবহুল জীৱনৰ বহু কথাই সংবাদ মাধ্যমৰ বিষয় হৈ থাকে । এইজন ধনী ব্যৱসায়ীৰ জীৱন যাপনৰ বাবে মুম্বাইতো বহু কেইটা নামী-দামী ঘৰ আছে । ৰজাৰ দৰে জীৱন-যাপন কৰা আম্বানীৰ সমকক্ষ হৈ থিয় দিছে এজন অভিনেতাই ।

তেওঁ হৈছে দক্ষিণ ভাৰতৰ অভিনেতা তথা চুপাৰষ্টাৰ নাগাৰ্জুন । নাগাৰ্জুনে কিমান ধন উপাৰ্জন কৰিছে ,সেইটো ডাঙৰ কথা নহয়। কিন্তু অভিনেতাজনৰ চহকী জীৱন শৈলীয়ে আম্বানিকো চেৰ পেলাবলৈ সক্ষম হৈছে । মুকেশ আম্বানিৰ যেনেকৈ বহু নামী-দামী ঘৰ আছে বা বিশ্বৰ সকলো দামী ব্ৰেণ্ডৰ গাড়ী আছে ,তেনেকৈয়ে দক্ষিণৰ এইজন অভিনেতাৰো অজস্ৰ সম্পত্তি আছে ।

তেনেক্ষেত্ৰত আজি আমি এই লিখনীৰ যোগেদি দক্ষিণৰ এই চুপাৰষ্টাৰজন কেনেকৈ মুকেশ আম্বানিতকৈ ধনী হ’ল , সেইবিষয়ে জ্ঞাত কৰিম । মুকেশ আম্বানি বৰ্তমান ভাৰতৰ এজন ধনী ব্যৱসায়ী । যদি আমি গৌতম আদানিক বাদ দিওঁ ,তেনেহলে মুকেশ আম্বানি হ’ব ভাৰতৰ একমাত্ৰ ধনী ব্যক্তি ।

আম্বানিৰ দৰে ব্যৱসায় চলাব পৰা ক্ষমতা এই দেশত কাৰোৱেই নাই । সেইকাৰণে বহু ব্যৱসায়ীয়ে আম্বানিক নিজৰ আদৰ্শ হিচাপে মানি লোৱা দেখা যায় । ৰিলায়েন্স ইণ্ডাষ্ট্ৰিৰ পৰা জিঅ’ নেটৱৰ্ক , টিভি চেনেল গ্ৰুপ সকলো আম্বানিৰ অধীন । সমান্তৰালকৈ আইপিএলৰ ইতিহাসত আটাইতকৈ সফল মুম্বাই ইণ্ডিয়ান্সৰ মালিকো আম্বানি ।

আচলতে আম্বানিৰ নতুনকৈ কোনো পৰিচয় কৰি দিয়াৰ প্ৰয়োজনো নাই ‌ । কিন্তু এই সফল ব্যৱসায়ীজনৰ দৰেই এক বিলাস-বহুল তথা নামি-দামী জীৱন কটাইছে অভিনেতা নাগাৰ্জুনে । তেওঁৰো ইমান ধন-সম্পত্তি আছে যে ,যাৰবাবে অভিনেতাজনে ৰজাৰ দৰে জীৱন-যাপন কৰিব পাৰিছে ।

আপোনালোকে হয়তো জানে যে, এই তাৰকাজন দক্ষিণৰ ছবি জগতত জনপ্ৰিয় হোৱাই নহয় চহকী জীৱন-যাপনৰ বাবে ভাৰতৰ সকলো শিল্পী, কলা-কুশলীৰ বাবে মাইলৰ খুটি হৈ পৰিছে।

Exit mobile version