Alcohol : চুলাই সলনি বিদেশী সুৰা গ্ৰহণ কৰক : আৱকাৰী মন্ত্ৰী শুক্লবৈদ্য

285d561a b077 4285 b65d 8b9238944313

Alcohol :

সুৰাৰ জৰিয়তে চৰকাৰে এইবাৰ অধিক ৰাজহ সংগ্ৰহৰ লক্ষ্য স্থিৰ কৰিছে ৷ ৰাজ্যৰ সকলো বাৰৰ অনুজ্ঞাপত্ৰ সুৰাৰ বিপনীলৈ পৰিৱৰ্তিত হ’ব ৷ ইতিমধ্যে চৰকাৰে বিশখন সুৰা বিপনীৰ বাবে বিজ্ঞাপন দিয়াৰ পিছত ১০ খনক অনুজ্ঞাপত্ৰ দিছে৷ বিগত বৰ্ষত সকলো চৰকাৰী বিভাগৰ ভিতৰত শীৰ্ষ ৰাজহ আদায় দিয়া বিভাগ ৰূপে চিহ্নিত হোৱা বিভাগটোৱে এইবাৰো বিত্তীয় বৰ্ষৰ অধিক ৰাজহ আদায়ৰ লক্ষ্য স্থিৰ কৰিছে ৷

এই মন্তব্য ৰাজ্যৰ আৱকাৰী মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ৷ আজি এক সংবাদমেলত মন্ত্ৰী গৰাকীয়ে কয় যে,  বিগত ২০১৬ ত আমি চৰকাৰ গঠন কৰাৰ পিছত কোনো এখন বাৰৰ অনুজ্ঞাপত্ৰ দিয়া হোৱা নাছিলো ৷ আনহাতে আমি শেহতীয়াকৈ প্ৰত্যক্ষ কৰিছো যে যিবোৰ ঠাইত সুৰাৰ বিপনী নাই ৷তেনে অঞ্চলত মানুহে চলাই বা অৰুণাচলৰ সুৰা গ্ৰহণ কৰে ৷

এই সুৰা গ্ৰহণ কৰাৰ ফলত সুৰাপায়ী অসুস্থ হোৱাৰ বিপৰীতে চৰকাৰৰ লোকচান হৈছে ৰাজহ ৷ অৱশ্যে চৰকাৰৰ উদ্দেশ্য ৰাজহ সংগ্ৰহ নহয়৷অবৈধভাৱে গঢ়ি উঠা সুৰা বিপনী আৰু অৰুণাচলী সুৰা প্ৰচলন বন্ধ কৰিবৰ বাবে আমাৰ চৰকাৰে নতুন সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

কিন্ত এইক্ষেত্ৰত সংশ্লিষ্ট অঞ্চল জৰিপ কৰিহে দিয়া হ’ব সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ ৷ মন্ত্ৰী শুক্লবৈদ্যই আৰু কয় যে, ৰাইজে চুলাই সলনি ভাল সুৰাপান কৰিবলৈ আহ্বান জনাইছো ৷ এইটোও থিক যে আমি সুৰাপান কৰিবলৈ উদ্গনি দিয়া নাই ৷বৰং সুৰাৰ অবৈধ কাৰবাৰটো বন্ধ কৰাৰ প্ৰয়াস কৰা হৈছে ৷

উল্লেখ কৰিব পাৰি যে আমাৰ থলুৱা জনগোষ্ঠীয় পানীয়ৰ যাতে এক ভাল ব্যৱসায় হয়৷তাৰ বাবেও চৰকাৰে এখন সুকীয়া আইন অনাৰ চিন্তা কৰা হৈছে ৷ চৰকাৰৰ সুৰাৰ মূল্য বৃদ্ধি কৰাৰ কোনো অভিপ্ৰায় নাই৷ ৰাজহ বৃদ্ধি কৰাত বেছি গুৰুত্ব দিয়া হৈছে ৷ আগন্তুক বৰ্ষত আবকাৰী বিভাগে ৰাজহ সংগ্ৰহত শীৰ্ষস্থান অধিকাৰ কৰিব বুলি তেওঁ আশা কৰে৷

Exit mobile version