ceiling fans : চিলিং ফেনত তিনিখন ব্লেড কিয় থাকে ,জানেনে ?

7bd50ef9 5770 49c2 852f 10c472d9bfba 1

ceiling fans :

চিলিং ফেনত তিনিখন ব্লেড কিয় থাকে ,জানেনে ? ভাৰতবৰ্ষ এখন গ্ৰীষ্ম প্ৰধান দেশ । সেইয়েহে বছৰৰ অধিকাংশ সময় আমি ফেন, কুলাৰ বা এচিৰ ওপৰত নিৰ্ভৰ কৰি চলি আহিছোঁ ।

কিন্তু যেতিয়াই আপুনি গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি ফেনখনৰ তলত বহে ,তেতিয়া কেতিয়াবা মন কৰিছেনে যে ,আপোনাক বতাহ দিয়া এই চিলি‌ং ফেনখনৰ আকৃতি কেনেকুৱা ? সাধাৰণতে চিলিং ফেনৰ তিনিখন ব্লেড থাকে ।

অৱশ্যে আমেৰিকা বা ইউৰোপত চিলিং ফেনৰ চাৰিখন ব্লেড থাকে । তথ্য অনুসৰি ফেন নিৰ্মাতাসকলে আচলতে ছখন ব্লেডযুক্ত ফেনহে নিৰ্মাণ কৰিছিল ,হলেও আমাৰ দেশত চিলিং বা টেবুল ফেনৰেই হওঁক ,তিনিখন ব্লেড থকা ফেনৰহে প্ৰচলন হোৱা দেখা যায় ।

আমি দোকানলৈ ফেন ক্ৰয় কৰিবলৈ গ’লে বিক্ৰেতাও আমাক তিনিখন ব্লেডযুক্ত ফেনহে উলিয়াই দিয়ে । কিন্তু কেতিয়াবা আমি জানিবলৈ চেষ্টা কৰোনে যে ফেনৰ তিনিখন ব্লেড কিয় থাকে ?

Exit mobile version