Chilli : ঘৰতে কেঁচা জলকীয়া গুড়ি তৈয়াৰ কৰাৰ সহজ পদ্ধতিৰ বিষয়ে জানিবলৈ পঢ়ক

WhatsApp Image 2022 11 02 at 13.48.17

Chilli :

ভাৰতৰ সকলো মানুহৰ ঘৰত ব্যৱহাৰ কৰা এবিধ মচলা হৈছে জলকীয়া গুড়ি । বহুতে তৰকাৰীখন সুস্বাদু আৰু জ্বলা কৰিবৰ বাবে শুকান জলকীয়া গুড়িও ব্যৱহাৰ কৰা দেখা যায় । কিন্তু শুকান জলকীয়া গুড়িৰ বহুখিনি অপকাৰীতা আছে । সেইয়েহে হয়তো অসমীয়া সমাজত প্ৰায়ভাগ মানুহে কেঁচা জলকীয়া গুড়ি কৰি বিভিন্ন ব্যঞ্জনত দিয়া দেখা যায় ।

শুকান জলকীয়া গুড়ি যেনেকৈ বহুদিনলৈ ভাল হৈ থাকে, তেনেকৈ কিন্তু কেঁচা জলকীয়া গুড়ি বহুদিনলৈ ভাল কৰি ৰাখিব নোৱাৰি । আনকি ফ্ৰিজত থলেও কেঁচা জলকীয়া গুড়ি ক’লা পৰি যায় । তেনেক্ষেত্ৰত আজি আমি কেঁচা জলকীয়া গুড়ি তৈয়াৰ কৰা সংৰক্ষণ কৰি ৰখাৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰিম ।

১/ প্ৰথম পদ্ধতি : আপুনি যদি বজাৰৰ পৰা এক বা দুই কেজি কেঁচা জলকীয়া কিনি আনিছে, তেন্তে আপুনি জলকীয়াখিনি প্ৰথমে পৰিষ্কাৰ পানীত এবাৰ বা দুবাৰ ধুই এটা পাত্ৰত ৰাখক । এতিয়া জলকীয়াখিনি কাটি এদিন বা দুদিন ৰ’দত শুকুৱাক । ইয়াৰপিছত জলকীয়াখিনি মিক্সত একেলগে গুড়ি কৰক । অৱশ্যে গুড়ি কৰোতে জলকীয়াখিনিত এফোঁট বা দুফোঁট সৰিয়হৰ তেল দিবলৈ নাপাহৰিব । সম্পূৰ্ণ মিহি কৰাৰ পিছত আপোনাৰ কেঁচা জলকীয়া গুড়ি তৈয়াৰ হৈ যাব ।

২/ দ্বিতীয় পদ্ধতি : এই পদ্ধতিত আপুনি এক বা দুই কেজি কেঁচা জলকীয়া কিনি আনি ভালকৈ পৰিষ্কাৰ পানীৰে ধুই ল’ব । পুনৰ জলকীয়াখিনি দুভাগ কৰি এটা পাত্ৰত থৈ ল’ব । এতিয়া মাইক্ৰ অভেনত জলকীয়াখিনি দি প্ৰায় পাঁচ মিনিট সময় শুকাবলৈ দিয়ক । ইয়াৰপিছত জলকীয়াখিনি মিক্সিত গুড়ি কৰক আৰু আপোনাৰ কেঁচা জলকীয়া গুড়ি তৈয়াৰ হৈ যাব । এই দুই পদ্ধতিৰ সহায়ত আপুনি কেঁচা জলকীয়াখিনি গুড়ি কৰাৰ পিছত এতিয়া প্ৰশ্ন হ’ল যে ,আপুনি এই জলকীয়া গুড়িখিনি দীৰ্ঘদিনলৈ কেনেকৈ সংৰক্ষণ কৰি ৰাখিব ?

কেঁচা জলকীয়া গুড়িও আপুনি বহু মাহলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰিব । এটা এয়াৰ টাইট অৰ্থাৎ বতাহ সোমাব নোৱাৰা পাত্ৰত জলকীয়া গুড়িখিনি থৈ ব্যৱহাৰ কৰাৰ সময়ত শুকান চামুচেৰে উলিয়াই পুনৰ টানকৈ ঢাকোন মাৰি থব লাগে । কিন্তু এটা কথা ধ্যান দিব যাতে ঢাকোনখন ভালকৈ মাৰিছে ।

অন্যথা জলকীয়া গুড়িখিনি বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে । গতিকে আপুনিও এইদৰে ঘৰতে কেঁচা জলকীয়া গুড়ি তৈয়াৰ কৰি দৈনিক বজাৰৰ পৰা জলকীয়া কিনাৰ পৰা মুক্তি পাওক । যিহেতু জলকীয়া আমাৰ খাদ্য সম্ভাৰৰ এক অবিচ্ছেদ্য অংগ । জলকীয়া অবিহনে কোনোখন তৰকাৰী সোৱাদযুক্ত নহয় লগতে দৈনিক জলকীয়া পিহা সমস্যাৰ পৰাও আপুনি ৰক্ষা পৰিব পাৰে ।

Exit mobile version