Kaziranga National Park : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰ পৰা মুকলি হাতী ছাফাৰি।

WhatsApp Image 2022 11 02 at 19.47.16

Kaziranga National Park :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্রতি বছৰে পহিলা নৱেম্বৰত মুকলি কৰা হয় হাতী ছাফাৰি; কিন্তু এইবাৰ ২০২২-২৩ বৰ্ষত প্ৰতিকূল বতৰৰ বাবে এদিন পলমকৈ আজি হাতীৰে পৰ্যটকক উদ্যান পৰিদৰ্শনৰ বাবে মুকলি কৰা হয় হাতী ছাফাৰি ।

আজি পুৱা হস্তীৰ পূজা কৰাৰ পাছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূৱ অসম বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ৰমেশ গগৈয়ে কহঁৰাৰ মিহিমুখত বিভাগীয় ১০টা হাতীৰে হাতী ছাফাৰি আৰু বাগৰি বনাঞ্চলত ২৫টা হাতীৰে ব্যক্তিগত হাতী ছাফাৰি মুকলি কৰে ।

আজি প্রথম দিনা হাতী ছাফাৰিত দেশৰ অন্যান্য ৰাজ্যৰ পৰ্যটকৰ লগতে আয়াৰলেণ্ড, আমেৰিকা আদিৰ যথেষ্টসংখ্যক বিদেশী পৰ্যটকেও হাতী ছাফাৰি কৰে ।

হাতীৰ পিঠিত উঠি কাজিৰঙাৰ মনোমোহা দৃশ্য, কাষৰ পৰা অসম গৌৰৱ এশিঙীয়া গঁড়, বিভিন্ন জীৱ-জন্তু দেখি আপ্লুত হৈছে বুলি কয় পৰ্য্যটকসকলে ।

উল্লেখযোগ্য যে এক অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জিপ ছাফাৰি মুকলি কৰা হৈছিল । ৩১ অক্টোবৰলৈ মুঠ ২৭৩৯৩জন পৰ্যটক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে আহিছে । ইয়াৰে ২৭৮জন বিদেশী পৰ্যটক বুলি জনায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূৱ অসম বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ৰমেশ গগৈয়ে ।

Exit mobile version