Leaf : বাৰীত পৰি থকা শুকান গছপাত দেখিলেই পেলাই নিদিব , বৰং জানক ইয়াৰ উপকাৰিতা

f7cb50fe 6121 41c0 bacf fa21d012541c

Leaf :

হেমন্ত অথবা শীতৰ আগমণৰ লগে গছ-বিৰিখৰ পাত সৰিবলৈ ধৰে । ফুল বা পাচলিৰ বাৰীত শুকান পাতসমূহ পৰি এক লেতেৰা পৰিবেশৰ সৃষ্টি কৰে । যাৰ কাৰণে আমি দৈনিক এই সৰা পাতসমূহ চাফা কৰি পেলাই দিওঁ । কিন্তু কেতিয়াবা আমি ভাবি চাইছোনে যে , এই শুকান পাতসমূহৰো আছে বহু উপকাৰী গুণ ।

এই শুকান পাতত থকা পটাচিয়াম ,ফচফৰাচ , নাইট্ৰজেন আপোনাৰ বাৰীখনৰ বাবে বহু উপকাৰী । বিশেষকৈ ইয়াত থকা ডিকস্পোজিং-এ মাটিৰ পুষ্টি গুণ বৃদ্ধি কৰি মাটিৰ উৰ্বৰতা ধৰি ৰখাত সহায় কৰে । আপুনি বাৰীত সিঁচৰতি হৈ পৰি থকা শুকান পাতসমূহ ৰ’দৰ পোহৰ নপৰাকৈ ঠায়ে ঠায়ে ৰাখি যাব ।

এটা সময়ত সেইখিনি পঁচি মাটিৰ লগত মিহলি হৈ যাব । যি আপোনাৰ মাটিৰ উৰ্বৰতা বৃদ্ধি কৰি মাটিখিনি সাৰুৱা কৰি তুলিব । ইয়াৰলগতে শুকান পাতে লেণ্ড ফিলিঙৰ কামো কৰে । দ বাৰী পুতিবলৈ হলেও শুকান পাতে সহায় কৰে । অৰ্থাৎ আপোনাৰ দ বাৰী বা গাঁত পুতিবলৈ হ’লে , সেই ঠাইত শুকান পাত পেলাই যাওক, দেখিব এই শুকান পাতসমূহ পঁচি মাটিৰ লগত মিহলি হৈ আৰু এঢাপ মাটিৰ সৃষ্টি কৰিছে ।

গতিকে শুকান পাতৰ এই উপকাৰিতাই আমাৰ বাৰীখন উৰ্বৰ কৰি ৰখাত যথেষ্ট সহায় কৰে । তেনেহলে আজিৰ পৰা আপোনাৰ বাৰীত সিঁচৰতি হৈ পৰি থকা পাতসমূহ পেলাই নিদি পুনৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক ।

Exit mobile version