North Korea : সমুদ্রত ক্ষেপণাস্ত্র ‘যুদ্ধ’ দুই কোৰিয়াৰ

বাসিন্দাসকলক দ্রুত স্থানান্তৰ নিৰাপদ অঞ্চলত

WhatsApp Image 2022 11 02 at 19.02.30

North Korea :

ক্ষেপণাস্ত্রৰ উত্তৰ ক্ষেপণাস্ত্র ! সাম্প্রতিক উত্তেজিত পৰিস্থিতিত এয়ে প্রথমবাৰ উত্তৰ কোৰিয়াৰ নিক্ষেপৰ ‘প্ৰতিশোধ’ ল’লে দক্ষিণ কোৰিয়াই ।

বুধবাৰে পিয়ংইয়ঙে নিক্ষেপ কৰা এটা বেলিষ্টিক ক্ষেপণাস্ত্র দক্ষিণ কোৰিয়াৰ উপকূলৰ ৬০ কিলোমিটাৰৰ ভিতৰত পৰাৰ পাছতেই দ্রুত প্ৰত্যুত্তৰ ক্ষেপণাস্ত্র নিক্ষেপ কৰে ছিৱলে । ঘটনাৰ ফলত নতুনকৈ উত্তেজনা সৃষ্টি হৈছে কোৰিয়া উপদ্বীপ অঞ্চলত । উত্তৰ কোৰিয়াৰ ক্ষেপণাস্ত্র পৰীক্ষাৰ পাছতেই দক্ষিণ কোৰিয়া চৰকাৰে উপকূলৱর্তী বিভিন্ন অঞ্চলত যান-বাহন চলাচল সাময়িকভাৱে বন্ধ কৰি দিয়ে । বাসিন্দাসকলক ‘নিৰাপদ অঞ্চলত’ স্থানান্তৰ কৰা হয় । দক্ষিণ কোৰিয়াৰ চৰকাৰী টিভি-ত দ্রুত উপকূলৰ বাসিন্দাসকলক স্থানান্তৰ কৰাৰ বার্তা দিয়া হয় ।

সংবাদ সংস্থা ৰয়টাৰ্ছে জনাইছে, বুধবাৰে বেচ কিছু বেলিষ্টিক ক্ষেপণাস্ত্রৰ পৰীক্ষামূলক উৎক্ষেপণ কৰে উত্তৰ কোৰিয়াই । ইয়াৰ মাজৰে এটা দক্ষিণ কোৰিয়াৰ উলেংড’ৰ দ্বীপৰ জলসীমাৰ কাষত পৰে । ইয়াৰ পাছতে উলোটাই উত্তৰ কোৰিয়াৰ জলসীমা লক্ষ্য কৰি ক্ষেপণাস্ত্র নিক্ষেপ কৰে দক্ষিণ কোৰিয়াই । ৫০ৰ দশকত কোৰিয়া যুদ্ধৰ পাছত এয়ে প্রথম বিতর্কিত সমুদ্রসীমাত অস্ত্র নিক্ষেপৰ ঘটনা সংঘটিত হ’ল ।

উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনৰ বিৰুদ্ধে বুধবাৰে আগ্রাসনৰ অভিযোগ উত্থাপন কৰিছে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইয়ুন ছুক ইওলে । তেওঁ কয়, ‘‘পৰিকল্পিতভাৱে জলসীমা দখলৰ চেষ্টা কৰিছে উত্তৰ কোৰিয়াই ।’’ প্রসংগত, পিংয়ংইয়ঙে নিক্ষেপ কৰা ক্ষেপণাস্ত্রটো য’ত পৰিছে, সেই অঞ্চলৰ জলসীমাক লৈ দীর্ঘ দিন ধৰি দুই দেশেৰ বিৰোধ আছে ।

প্রসংগত, চলিত মাহৰ আৰম্ভণিতে জাপানৰ ভূখণ্ডৰ ওপৰেৰে এটা মজলীয়া জোখৰ বেলিষ্টিক ক্ষেপণাস্ত্র নিক্ষেপ কৰে উত্তৰ কোৰিয়াই । উত্তৰ-পূব জাপান অতিক্রম কৰি ক্ষেপণাস্ত্রটো প্রশান্ত মহাসাগৰত পৰে । উত্তৰ কোৰিয়াৰ এই ক্ষেপণাস্ত্র পৰীক্ষাৰ ‘প্ৰত্যুত্তৰ’ত জাপান সাগৰত চাৰিটা ক্ষেপণাস্ত্র নিক্ষেপ কৰে আমেৰিকা আৰু তেওঁলোকৰ মিত্র দেশ দক্ষিণ কোৰিয়াই ।

ইয়াৰ পাছৰ পৰা একাধিকবাৰ ক্ষেপণাস্ত্র পৰীক্ষা কৰিছে পিয়ংইয়ঙে । উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদমাধ্যম ‘কোৰিয়ান চেন্ট্রেল নিউজ এজেন্সি’য়ে সম্প্রতি জনাইছে, পৰমাণু আক্ৰমণৰ ক্ষমতা পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যেই বিভিন্ন ক্ষেপণাস্ত্রৰ পৰীক্ষা কৰা হৈছে ।

Exit mobile version