Blood Sugar :আয়ুৰ্বেদশাস্ত্ৰৰ চমৎকাৰ : এই চাৰি উপাদানে নিয়ন্ত্ৰণ কৰিব ব্লাড চুগাৰ –

WhatsApp Image 2022 11 03 at 19.53.06

Blood Sugar :
আজিকালি ব্লাড চুগাৰ বা ডায়েবেটিছ ৰোগ সকলোৰে ঘৰে ঘৰে থকা এটা সমস্যা । সাধাৰণতে বংশগত কাৰণৰ লগতে কিছু খাদ্যভ্যাসৰ বাবে এই ৰোগ অধিক বাঢ়ি যোৱা দেখা গৈছে । কোনোদিনে নিৰ্মূল নোহোৱা এই ৰোগ কেৱল নিয়ন্ত্ৰণহে কৰিব পাৰি ।

এইক্ষেত্ৰত আয়ুৰ্বেদশাস্ত্ৰই আগবঢ়াইছে এনে কেইবিধমান ভেষজ , যি তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে ।

 গিলইৰ বা গুলঞ্চ লতা : আয়ুৰ্বেদ শাস্ত্ৰৰ মতে অতিকৈ গুৰুত্বপূৰ্ণ ভেষজ হৈছে এই গুলঞ্চ লতা । বাৰীতে উপলব্ধ হোৱা এই লতা ডায়েবেটিছৰ বাবে মহৌষধ । ইয়াৰ কাণ্ড বা গা-গছ ডালৰ পৰা ৰস উলিয়াই অথবা পাউদাৰ কৰি খালে ডায়েবেটিছ নিয়ন্ত্ৰণ হয় ।

 এল’ভেৰা : বদহজম বা গেছৰ সমস্যা নিয়ন্ত্ৰণ কৰে এই এল’ভেৰাই । এল’ভেৰা পাতৰ জেল ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় ।

 মেথিগুটি : পৰিপাক আৰু ছালৰ সমস্যাৰ বাবে দীৰ্ঘদিনৰ পৰাই মেথিগুটিৰ ব্যৱহাৰ হৈ আহিছে । মেথিগুটিৰ আটাইতকৈ ডাঙৰ গুণটো হৈছে ই মেটাবলিজিম বৃদ্ধি কৰে । ৰাতি শোৱাৰ আগতে এগিলাচ পানীত ১০ গ্ৰাম মেথিগুটি দি , সেই পানী পুৱা খালি পেটত খালে ডায়েবেটিছ নিয়ন্ত্ৰণ হয় । সেইবাবে আয়ুৰ্বেদ চিকিৎসকে ডায়েবেটিছ থকা লোকক দৈনিক পুৱা এই মিথি পানী খোৱাৰ পৰামৰ্শ আগবঢ়াইছে ।

 আদা : ভাৰতবৰ্ষত প্ৰচুৰ ব্যৱহাৰ হোৱা মচলাৰ অন্যতম হৈছে আদা । ইয়াৰ ৰসে ইনচুলিন ক্ষৰণ হোৱাত সহায় কৰে । সাধাৰণতে আদা আমি মচলা হিচাপে ব্যৱহাৰ কৰো যদিও কেঁচাকৈ আদা খালে শৰীৰে ইয়াৰ অধিক লাভালাভ পাব পাৰে । দৈনিক আদা খালে হজমী শক্তি বৃদ্ধি হোৱাৰ লগতে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ হয় ।

Exit mobile version