Fire : বৃন্দাবনৰ হোটেলত অগ্নিকাণ্ড ,মৃত্যু দুজনৰ

1667453514 mathura

Fire :

উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ বৃন্দাবনৰ এখন হোটেলত সংঘটিত অগ্নিকাণ্ডত দুজন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। আন এজন ব্যক্তিক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

বৃহস্পতিবাৰে কাকভোৰৰ হোটেলৰ ৰান্ধনীঘৰত জুই লাগে। অগ্নি নিৰ্বাপক বাহিনীৰ ডেৰ ঘণ্টাৰ প্ৰচেষ্টাৰ পাছত জুই নিয়ন্ত্ৰণলৈ অনা হয়।

মথুৰা বৃন্দাবন ৰোডৰ ওপৰত হোটেল বৃন্দাবন গাৰ্ডেন । অগ্নি নিৰ্বাপক বাহিনীয়ে আজি পুৱা প্ৰায় ৪.৩০ বজাত জুই লগাৰ খবৰটো পাই । ইয়াৰ পাছতে দুটা অগ্নি নিৰ্বাপক ইঞ্জিন ঘটনাস্থলীত উপস্থিত হয়।

সেই সময়ত হোটেলখনত কমেও ১০০ জন অতিথি আছিল। সকলোকে সুৰক্ষিতভাৱে হোটেলৰ পৰা বাহিৰলৈ লৈ যোৱা হয় । দুটা অগ্নি নিৰ্বাপক ইঞ্জিনে ডেৰ ঘণ্টাৰ পাছত জুই নিয়ন্ত্ৰণলৈ আনে।

জুইত হোটেলৰ দুজন কৰ্মচাৰী নিহত হয়। আন এজন কৰ্মীক সংকটজনক অৱস্থাত আগ্ৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱতি নিশা হোটেলৰ পাকঘৰত জুই লাগে। হোটেলখনত কোনো অগ্নি নিৰ্বাপক ব্যৱস্থা নাছিল। কেইদিনপূৰ্বে , অগ্নি নিৰ্বাপক বাহিনীয়ে হোটেলখনলৈ জাননী প্ৰেৰণ কৰিছিল।

অভিযোগ হোটেল কৰ্তৃপক্ষৰ এই বিষয়ত কোনো গুৰুত্ব নাছিল । অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই, কিন্তু অগ্নিনিৰ্বাপক বাহিনীয়ে অনুমান কৰে যে জুই এটা শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হ’ব পাৰে।

Exit mobile version