Gambia : শিশু মৃত্যুৰ বাবে ভাৰতে তৈয়াৰ কৰা কফ চিৰাপ দায়ী !

1667450853 syrup

Gambia :

আফ্ৰিকাৰ গাম্বিয়াত ৬৬ জন শিশুৰ মৃত্যুৰ ঘটনাত আঙুলি উঠিছে ভাৰতত তৈয়াৰী চাৰিটা কাহৰ চিৰাপৰ দিশে । প্ৰাপ্ত তথ্য অনুসৰি ,গাম্বিয়ান মেডিচিনচ কণ্ট্ৰোল এজেন্সিৰ এজন বিষয়াৰ মতে, শিশু মৃত্যুৰ বাবে এই কাহৰ চিৰাপ দায়ী বুলি এতিয়ালৈকে কোনো প্ৰমাণ নাই।

ইফালে, ভাৰত চৰকাৰৰ সূত্ৰই জনাইছে যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত দেখা গৈছে যে শিশুসকল ডায়েৰিয়াত ভুগি আছে। কিন্তু তেওঁলোকক কাহৰ চিৰাপ কিয় দিয়া হৈছিল তাক লৈ এতিয়া প্ৰশ্ন তুলিছে ভাৰত চৰকাৰে ।

বিশ্ব স্বাস্থ্য সংস্থাই হাৰিয়ানাৰ চনিপতত ‘মেডেন ফাৰ্মাচিউটিকেল লিমিটেড’ নামৰ ফাৰ্মাচিউটিকেল কোম্পানীটোৰ ওপৰত আশংকা প্ৰকাশ কৰে। চাৰিটা কাহ চিৰাপ, প্ৰমেথাজিন অৰেল চলুশ্বন, কফেক্সমালিন বেবী কাহ চিৰাপ, মেকফ বেবী কফ চিৰাপ আৰু মাগ্ৰিপ এন কোল্ড চিৰাপ, আফ্ৰিকাত শিশু মৃত্যুৰ স’তে সম্পৰ্কিত।

ঘটনাটো চাবলৈ ভাৰত চৰকাৰে এখন বিশেষ সমিতি গঠন কৰিছে। হু’ৰ প্ৰধান টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে জনাই যে ঔষধসমূহ বৃক্কৰ গুৰুতৰ সমস্যা আৰু ৬৬ টা শিশুৰ মৃত্যুৰ স’তে সম্পৰ্কিত হ’ব পাৰে। “

বিশ্ব স্বাস্থ্য সংস্থাৰ অভিযোগৰ আধা ঘণ্টাৰ ভিতৰতে, কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাই (চিডিএছচিঅ’) বিষয়টো অনুসন্ধান আৰম্ভ কৰে। হাৰিয়ানাৰ ঔষধ নিয়ন্ত্ৰক সংস্থা ৰাজ্যিক ঔষধ নিয়ন্ত্ৰকৰ স’তেও যোগাযোগ কৰা হৈছে।

প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে যিকোম্পানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে সেই কোম্পানীটো হাৰিয়ানাৰ ৰাজ্যিক ঔষধ নিয়ন্ত্ৰকৰ দ্বাৰা অনুজ্ঞাপ্ৰাপ্ত। “এক প্ৰথা হিচাপে, যেতিয়া এখন দেশে বাহিৰৰ পৰা ঔষধ আমদানি কৰে, সেই দেশখনে নিজৰ চৰ্ত অনুসৰি সেই ঔষধৰ মানদণ্ড বিচাৰ কৰে। এই ক্ষেত্ৰত, প্ৰশ্নও উত্থাপিত হয় যে সেই প্ৰথা অনুসৰণ কৰা হৈছে নে নাই।

Exit mobile version