Helicopter : ঘৰতে হেলিকপ্টাৰ নিৰ্মাণ কৰি আকাশত উৰিল এইজন যুৱকে

8096e6f9 ab0f 4d4a 891f e2bae42879fc

Helicopter :

আমাৰ মগজুৱে যেনেকৈ সকলো ক্ষেত্ৰতে জ্ঞান অৰ্জন কৰি আহিছো, ঠিক তেনেকৈ এই জ্ঞানৰ বাস্তৱ ৰূপ দিবলৈও আমি যেন অহৰহ চেষ্টা কৰি আহিছো । সৰুতে আমাৰ সকলোৰে মনত উদ্ভৱ হোৱা এটা ইচ্ছা হৈছে হেলিকপ্টাৰ অথবা অন্য কোনো যান-বাহন চলোৱা । কিন্তু ডাঙৰ হৈ যোৱাৰ লগে লগে আমাৰ সেই ইচ্ছা শক্তি কমি অহা পৰিলক্ষিত হয় ।

অৱশ্যে আমাৰ কল্পনাৰ জগতখনৰ এই ধৰণৰ ইচ্ছাবোৰক যদি আমি সফল ৰূপ দিব পাৰো, তেন্তে সেই আনন্দ প্ৰকাশ কৰিবলৈ আমাৰ ভাষা নোহোৱা হয় । তেনে এক কল্পনাক সফল ৰূপ দিবলৈ সক্ষম হৈছে ব্ৰিটেইনৰ এইজন লোকে । বৰ্তমান যান্ত্ৰিক যুগত দৈনিক বিভিন্ন যান-বাহন নিৰ্মাণ হৈ আছে ।

কিন্তু ঘৰতে সহজ পদ্ধতিৰে এখন হেলিকপ্টাৰ নিৰ্মাণ কৰিছে এইজন ব্যক্তিয়ে । এই ব্যক্তিজনে ঘৰত পৰি থকা চকীৰ লগত ৫৭ টা ড্ৰ’ন সংযোগ কৰি এই হেলিকপ্টাৰ তৈয়াৰ কৰিছে । এই হেলিকপ্টাৰৰ বিশেষত্ব হ’ল যে, ই নিজে নিজে উঠিব পাৰে লগতে এজন ব্যক্তিক ১৫ ফুট উচ্চতালৈ লৈ যাব পাৰে ।

এক অভিনৱ পদ্ধতিত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ’ দেখি ব্যক্তিজনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে নেট জগত । মানুহৰ মগজু যে বৰ্তমান অধিক উন্নত হৈছে বা সমান্তৰালকৈ নিজৰ ইচ্ছাক বাস্তৱ ৰূপ দিবলৈ কি কৰিব নোৱাৰে, তাৰেই যেন প্ৰমাণ দিলে এইজন ব্যক্তিয়ে ।

উল্লেখ্য যে, ভাইৰেল হৈ পৰা এই ভিডিঅ’টোৰ নায়কজনক এইপৰ্যন্ত চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই যদিও এই ভিডিঅ’এ এতিয়া নেটজগতত তীব্ৰ খলকনিৰ সৃষ্টি কৰিছে ।

Exit mobile version