Meghalaya Cm Conrad Sanma : মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ হেলিকপ্টাৰৰ বিজুতি, জৰুৰী অৱতৰণ

db36e1c4 f306 41ef ada2 a689f0867cad

Meghalaya Cm Conrad Sanma :

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ ৷ বেয়া বতৰৰ বাবে আকাশমাৰ্গত যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱাত পাইলট জৰুৰী অৱতৰণ কৰিব বাধ্য হয় হেলিকপ্তাৰখন ৷

উল্লেখ্য যে মুখ্যমন্ত্ৰী চাংমাই নিজ সমষ্টি তুৰালৈ বুলি শ্বিলংৰ পৰা উৰা মৰাৰ পিছতে আকাশ মাৰ্গত বিজুটি ঘটিত হেলিকপ্টাৰ খন উমিয়ামত থকা ইউনিয়ন খ্ৰীষ্টান কলেজত (ইউচিচি) জৰুৰী অৱতৰণ কৰে। মুখ্যমন্ত্ৰী চাংমাৰ স’তে হেলিকপ্তাৰখনত আছিল আৰু তিনিজন আৰোহী ৷

ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটাৰযোগে উল্লেখ কৰি কয় যে অতি বেয়া বতৰৰ বাবে হেলিকপ্টাৰখন উমিয়াম হ্ৰদৰ ওচৰৰ ইউনাইটেড খ্ৰীষ্টান কলেজ খেলপথাৰত অৱতৰণ কৰিব লগা হৈছিল আৰু পৰৱৰ্তী সময়ত কলেজ চৌহদৰ সুন্দৰ নৌসৰ্গিক দৃশ্য উপভোগ কৰিছিল তেওঁ। একেদৰে মহাবিদ্যালয়খনৰ শিক্ষক- কৰ্মচাৰীসকলক লগ পাইছিল আৰু পিছত কলেজ কেণ্টিনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা হয়।

Exit mobile version