Ministry of Defence : ভাৰতৰ প্রতিৰক্ষা মন্ত্রণালয়ত সৰ্বাধিক নিয়োগ ! চাকৰিৰ বজাৰত বিশ্বত অভিলেখ

WhatsA 2022 09 08 121703

Ministry of Defence :

চৰকাৰী চাকৰিত নিয়োগ কৰ নহয় । চৰকাৰৰ বিৰুদ্ধে সচৰাচৰ এই অভিযোগ উত্থাপিত হৈয়ে থাকে । অৱশ্যে সম্প্রতি গৱেষণাত পোৱা গৈছে ভাৰতত সৰ্বাধিক নিয়োগ হয় চৰকাৰী । এই নিয়োগকাৰী কর্তৃপক্ষ হিচাপে প্ৰকাশ্যত আহিছে প্রতিৰক্ষা মন্ত্রণালয়ৰ নাম ।

জার্মানিৰ এক সমীক্ষাত দেখা গৈছে, ভাৰতৰ প্রতিৰক্ষা মন্ত্রণালয়ে সৰ্বাধিক কর্মচাৰী নিয়োগ কৰে । চলিত বছৰতে বিশ্বৰ বিভিন্ন দেশত প্রতিৰক্ষা মন্ত্রণালয়ৰ কর্মচাৰীৰসংখ্যাৰ ওপৰত সমীক্ষা চলাইছিল জার্মান সংস্থা ষ্টেষ্টিটাই । তেওঁলোকৰ প্ৰতিবেদন অনুযায়ী, ভাৰতৰ প্রতিৰক্ষা দপ্তৰত বর্তমান ২৯ লাখৰো অধিক কর্মচাৰী আছে । সামৰিক আৰু বেচৰকাৰী মিলাই প্রায় ২৯ লাখ ২০ হেজাৰ ।

সমীক্ষাৰ প্ৰতিবেদন অনুযায়ী, আমেৰিকাৰ প্রতিৰক্ষা দপ্তৰত ২৯ লাখ ১০ হেজাৰ লোক কর্মৰত আছে । চীনৰ প্রতিৰক্ষা মন্ত্রণালয়ৰ কর্মচাৰীৰ সংখ্যা প্রায় ২৫ লাখ । অৱশ্যে ভাৰতত অসামৰিক নিয়োগ কৰিলেও চীনত অসামৰিক নিয়োগ প্রতিৰক্ষা মন্ত্রণালয়ত নহয় ।

জার্মানিৰ হামবুর্গৰ সেই সমীক্ষাত কোৱা হৈছে, সমগ্ৰ বিশ্বত প্রতিৰক্ষা মন্ত্রণালয়ে নিজৰ কর্মচাৰীৰ সংখ্যা হ্ৰাস কৰাৰ সময়তে ভাৰতৰ ক্ষেত্রত সেই নিয়োগত খুব এটা সালসলনি হোৱা নাই ।

Exit mobile version