TMC protest : মূল্যবৃদ্ধিৰ বিৰুদ্ধে গণ স্বাক্ষৰ অভিযানৰ বাধা আৰোপ আৰক্ষীৰ

প্ৰতিবাদ কৰি ৰাজপথত শুই পৰা ৰিপুন বৰাক চোঁচৰাই নিলে আৰক্ষীয়ে

1a4ff037 2285 4d3f aa0f 657ff60bb139

Tmc Protest :

মহানগৰীৰ ৰাজপথত মূল্যবৃদ্ধিৰ বিৰুদ্ধে টিএম চিৰ উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদক বাধা দিয়াৰ বিৰুদ্ধে তৎপৰ হৈ পৰা আৰক্ষীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ প্ৰতিবাদৰ মাজতে ৰাজপথত শুই পৰিছিল টিএম চিৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা ৷ পিচত আৰক্ষীয়ে চোঁচৰাই নিয়ে বৰাক ৷

উল্লেখ্য যে ৰাজ্যখনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু অন্যান্য বয়-বস্তৰ আকাশলংঘি মূল্যবৃদ্ধি আৰু পৌৰকৰ বৃদ্ধিৰ বিৰুদ্ধে বৃহস্পতিবাৰে তৃণমূল কংগ্ৰেছ দলে মহানগৰীৰ বজাৰে বজাৰে আৰম্ভ কৰে এক গণ স্বাক্ষৰ অভিযান ৷
টিএম চিৰ প্ৰদেশ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত আৰম্ভ কৰা প্ৰতিবাদী কাৰ্যসূচী বাধা দিবৰ বাবে তৎপৰ হৈ পৰিছিল আৰক্ষী ৷
আনহাতে টি এম চিৰ ৰাজ্যিক নেতৃত্বই আৰক্ষীৰ ফেচিষ্ট কাৰ্য তীব্ৰ গৰিহণা দি এইয়া গণতন্ত্ৰৰ বাবে কুঠাৰঘাট বুলি অভিহিত কৰে ৷

Exit mobile version