Crime : মহানগৰীত নিশা যুৱকক ছুৰীকাঘাত

672a69795e00b721783e93e413b9f5d15da6222f78ed6e1a4a2eb2825b8386f1

Crime :

মহানগৰীৰ বশিষ্ঠত যোৱা নিশা সংঘটিত হয় এক চাঞ্চ্যলকৰ ঘটনা ৷ অচিনাক্ত দুৰ্বৃত্তই এজন যুৱকক ছুৰীৰে আক্ৰমণ কৰে ৷
চন্দন সাহ নামৰ মৎস্য ব্যৱসায়ৰ লগত জড়িত যুৱকজনে নিশা বশিষ্ট চাৰিআলিত থকা নিজৰ দোকান সামৰি গৃহাভিমুখী হোৱাৰ পথত পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্বৃত্তই ছুৰীকাঘাট কৰে৷ কেইবাবাৰো ছুৰীৰে আঘাত কৰাত যুৱকজন তেজেৰে তুমৰলি হৈ ৰাজপথত ঢলি পৰে ৷

দুৰ্বৃত্তই চন্দন সাহৰ পৰা নগদ আঠ হাজাৰ টকা লুট কৰি উধাও হয় ৷

আনহাতে আঘাতপ্ৰাপ্ত চন্দনক স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় ৷ আনহাতে ঘটনাস্থলীত বশিষ্ট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে দুৰ্বৃত্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷

উল্লেখ্য যে যোৱা এসপ্তাহদিন ধৰি চন্দনক অনুকৰণ কৰি আছিল দুৰ্বৃত্তই ৷ এই কথা আৰক্ষীৰ আগত উল্লেখ কৰে আঘাতপ্ৰাপ্ত চন্দনে ৷

Exit mobile version