Delhi Pollution : প্ৰদূষণ নিয়ন্ত্রণত আনিবলৈ কঠোৰ সিদ্ধান্ত দিল্লী প্রশাসনৰ

ৰাজধানীত জাৰি একাধিক নিষেধাজ্ঞা

delhi pollution

Delhi Pollution :

পূৰ্বতকৈয়ো অধিক প্ৰদূষিত হৈছে দিল্লীৰ জলবায়ু । প্ৰদূষণৰ ফলত বতাহৰ গুণমান একেবাৰে তলত আছে । শুকুৰবাৰৰ পুৱাৰ পৰিসংখ্যা অনুযায়ী, দেশৰ ৰাজধানীৰ বতাহৰ গুণমান সূচক (এয়াৰ কোৱালিটি ইনডেক্স) আছিল ৪৫৩‌ । যাৰ অর্থ দিল্লীৰ বতাহৰ অৱস্থা ‘ভয়াৱহ’ । সেই বতাহ শ্বাস লোৱাৰ ক্ষেত্ৰত উপযোগী নহয় । এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ইতিমধ্যে তৎপৰ হৈছে দিল্লী প্রশাসন ।

বৃহস্পতিবাৰে দিল্লি-এনচিআৰ-ত বায়ুৰ গুণমান বেয়া হোৱাৰ পৰিপ্রেক্ষিতত চাৰি স্তৰীয় ‘একছন প্লেন’ বাস্তৱায়নৰ সিদ্ধান্ত লৈছে ‘দ্য কমিছন অৱ এয়াৰ কোৱালিটি মেনেজমেন্ট’ ।

সেই পৰিকল্পনা অনুযায়ী, দিল্লি-এনচিআৰ-এ নিষিদ্ধ কৰিছে পুৰণি ইঞ্জিনৰ ডিজেল গাড়ীৰ ব্যৱহাৰ । কেৱল মাত্র বিএছ-৬ ইঞ্জিনযুক্ত আৰু জৰুৰী সেৱাত থকা যানবাহনসমূহে এই নিষেধাজ্ঞাৰ পৰা ৰেহাই পাব ।

প্রশাসনৰ তৰফৰ পৰা বৈদ্যুতিক আৰু চিএনজি চালিত ট্রাকৰ বাহিৰে অন্য ট্রাক দিল্লীত প্রৱেশ কৰাৰ ক্ষেত্রতো নিষেধাজ্ঞা জাৰি কৰা হৈছে । অৱশ্যে ঔষধৰ দৰে অত্যাৱশ্যকীয় পণ্য বহনকাৰী ট্রাকসমূহেও ৰেহাই পাব ।

দিল্লী-এনচিআৰ হাইৱে, উৰালপুল, অ’ভাৰব্রিজ, পাইপলাইন নির্মাণ আৰু ধ্বংসৰ কামো সম্প্ৰতি স্থগিত ৰখা হ’ব । লগতে বিশুদ্ধ ইন্ধনত কাম নকৰা কলকাৰখানাসমূহকো কাম বন্ধ ৰখাৰ নির্দেশ দিয়া হৈছে । কেৱল মাত্র গাখীৰ বা দুগ্ধজাত দ্রব্যৰ উদ্যোগ আৰু জীৱনদায়ী চিকিৎসা সৰঞ্জাম প্রস্তুতকাৰক কাৰখানাসমূহে এই বিধিনিষেধৰ পৰা ৰেহাঈ পাব ।

দিল্লীত এদিনৰ ব্যৱধানত যোৰ-বিযোৰো নম্বৰ প্লেটযুক্ত গাড়ী চলাচলৰ নিৰ্দেশ অধিক কঠোৰ কৰা কৰা হৈছে ।

প্রসংগত, ইতিমধ্যে নয়ডাৰ সকলো বিদ্যালয় বন্ধ কৰাৰ নির্দেশ দিয়া হৈছে । সম্প্ৰতি অনলাইনতেই পঠনদান চলিব । দিল্লীতো বিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে । কেন্দ্রীয়-ৰাজ্য চৰকাৰৰ কর্মচাৰীসকলক ঘৰৰ পৰা কাম কৰাৰ অনুমতি দিয়াৰ বিষয়ত সিদ্ধান্ত লোৱা হ’ব পাৰে বুলিও ধাৰণা কৰা হৈছে ।

Exit mobile version