Delhi Pollution : শ্বাসৰুদ্ধ দিল্লীত প্ৰথামিক বিদ্যালয় বন্ধ থাকিব শনিবাৰৰ পৰা

‘ভয়াৱহ’ প্ৰদূষণত সিদ্ধান্ত চৰকাৰৰ

pollution 2

Delhi Pollution :

দিল্লীত প্ৰাথমিক বিদ্যালয় বন্ধ । সম্প্ৰতি শিশুসকলক ঘৰতে থকাৰ পৰামর্শ দি দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে কয়, দিল্লীৰ বায়ু শ্বাস লোৱাৰ উপযুক্ত হ’লে প্রাথমিক বিদ্যালয়সমূহ মুকলি কৰা হ’ব । ইয়াৰ উপৰি উচ্চ প্রাথমিক বিদ্যালয় অব্যাহত থাকিলেও, ছাত্র-ছাত্রীসকলক বিদ্যালয়ৰ মুকলি প্ৰাংগনত থকা নিষেধ কৰিছে দিল্লী প্রশাসনে ।

দিল্লীত সম্প্ৰতি ২৭৫৫ খন প্রাথমিক বিদ্যালয় আছে । উচ্চ প্রাথমিক বিদ্যালয় আছে ৯৩৯ খন । তদুপৰি ৩৭৭ খন মাধ্যমিক স্তৰৰ আৰু ১৬৮৪ খন উচ্চ মাধ্যমিক বিদ্যালয় মিলাই মুঠ ৫৭৫৫ খন বিদ্যালয় আছে দিল্লীত ।

ইয়াৰে শনিবাৰে অর্থাৎ পাঁচ নৱেম্বৰৰ পৰাই বন্ধ হ’ব ২৭৫৫ খন বিদ্যালয় । শুকুৰবাৰে এই ঘোষণা কৰি দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালে জনায়, সম্প্ৰতি উচ্চ প্রাথমিক, মাধ্যমিক বা উচ্চ মাধ্যমিক স্তৰৰ বিদ্যালয়সমূহ বন্ধ কৰা নাই ।

অৱশ্যে লগতে তেওঁ কয়, এই বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলে যেন বিদ্যালয়ৰ বাহিৰত মুকলি প্ৰাংগনত সময় নকটায় । লগতে প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ ৰাজপথত যোৰ-বিযোৰ নিয়মো নতুনকৈ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে ।

উল্লেখ্য, ইয়াৰ পূৰ্বে প্ৰদূষণ মোকাবিলাত গাড়ীৰ নম্বৰ প্লেটৰ সংখ্যাৰ ভিত্তিত যোৰ-বিযোৰ প্রকল্প আৰম্ভ কৰিছিল দিল্লী চৰকাৰে । এই প্রক্রিয়াত কিছু পৰিমাণে হ’লেও প্ৰদূষণ হ্ৰাস কৰাত সফল হৈছিল দিল্লী । সাম্প্রতিক প্ৰদূষণ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেয়ে পুৰণি নীতি অৱলম্বন কৰিব বিচাৰিছে দিল্লী চৰকাৰে।

বৃহস্পতিবাৰে দিল্লী-এনচিআৰ-ত বায়ুৰ গুণমান শোচনীয় হোৱাৰ পৰিপ্রেক্ষিতত চাৰি স্তৰীয় ‘একছন প্লেন’ বাস্তৱায়নৰ সিদ্ধান্ত লৈছে ‘দ্য কমিছন অৱ এয়াৰ কোৱালিটি মেনেজমেন্ট’এ ।

সেই পৰিকল্পনা অনুযায়ী, দিল্লী-এনচিআৰ-ত নিষিদ্ধ কৰা হৈছে পুৰণি ইঞ্জিনৰ ডিজেল গাড়ীৰ ব্যৱহাৰ । কেৱল মাত্র বিএছ-৬ ইঞ্জিনযুক্ত আৰু জৰুৰী সেৱাত থকা যানবাহনে এই নিষেধাজ্ঞাৰ পৰা ৰেহাই পাব ।

প্রশাসনৰ তৰফৰ পৰা বৈদ্যুতিক আৰু চিএনজি চালিত ট্রাকৰ উপৰি অন্য ট্রাক দিল্লীত প্রৱেশ কৰাৰ ক্ষেত্রতো নিষেধাজ্ঞা জাৰি কৰা হৈছে । অৱশ্যে এই নিয়মৰ পৰা ৰেহাই দিয়া হ’ব ঔষধৰ দৰে অত্যাৱশ্যকীয় পণ্য বহনকাৰী ট্রাকসমূহক ।

দিল্লী-এনচিআৰ হাইৱে, উড়ালপুল, অ’ভাৰব্রিজ, পাইপলাইন নির্মাণ আৰু ধ্বংসৰ কামো সম্প্ৰতি স্থগিত ৰখা হ’ব । লগতে বিশুদ্ধ ইন্ধনত কাম নকৰা কলকাৰখানাসমূহকো কাম বন্ধ কৰাৰ নির্দেশ দিয়া হৈছে । কেৱল মাত্র গাখীৰ বা দুগ্ধজাত দ্রব্যৰ উদ্যোগ আৰু জীৱনদায়ী চিকিৎসা সৰঞ্জাম প্রস্তুতকাৰক কাৰখানাসমূহ এই বিধিনিষেধৰ পৰা ৰেহাই পাব ।

দিল্লীত এদিনৰ ব্যৱধানত যোৰ-বিযোৰ নম্বৰ প্লেটযুক্ত গাড়ী পথত ওলোৱাৰ যি নিয়ম আৰম্ভ হৈছিল সেয়া অধিক কঠোৰভাৱে মানি চলাৰ নির্দেশ দিয়া হৈছে । অৱশ্যে বিদ্যালয় বন্ধ থাকিলেও অনলাইন পঠদান অব্যাহত থাকিব ।

Exit mobile version