MP Road Accident : ৰাজপথত মৃত্যুৰ কিৰিলি !

বাছ-ট্ৰেভেলাৰাৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ১১

WhatsApp Image 2022 11 04 at 16.03.51

MP Road Accident :

আজি পুৱতি নিশা মধ্য প্ৰদেশত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনা প্ৰায় ১১ জন লোকৰ থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুত্বৰভাৱে আহত হয় এজন ৷

ৰাজ্যখনৰ বেতুল জিলাৰ ঝাল্লাৰ আৰক্ষী থানাৰ সমীপতে নিশা ২-১৫ বজাত দুই দিশৰ পৰা অহা এখন বাছ আৰু ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষ হয় ৷ ফলত ট্ৰেভেলাৰখনৰ আৰোহী দহজন শ্ৰমিক থিতাতে নিহত হয় ৷ আনহাতে চালকজন গুৰুত্বৰভাৱে আহত হয় ৷ মৃতসকলৰ ভিতৰত পাঁচজন পুৰুষ, চাৰিগৰাকী মহিলা আৰু দুটা শিশু আছিল ।

উল্লেখ্য যে নিহত সকলো একে গাঁৱৰ লোক আছিল৷দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা গাওঁখনৰ দূৰত্ব আছিল মাত্ৰ এক কিলোমিটাৰ ৷

দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ জিন্মাত লৈ স্থানীয় ঝাল্লাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷ দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে মৃতদেহ কেইটা টেভেৰাৰ পৰা উলিয়াওতে গাড়ীখন কাটিবলগীয়া হৈছিল ৷ আৰক্ষীয়ে সদৰি কৰা মতে এপষেক পূৰ্বে শ্ৰমিকৰ দলটোৱে বেতুলৰ ঝাল্লাৰৰ পৰা অমৰাবটিত কাম কৰিবলৈ ওলাই গৈছিল ৷

বৃহস্পতিবাৰে নিশা ন বজাত সকলো শ্ৰমিক টেভেৰাত উঠি নিজ গাঁও অভিমুখে আহি থকাৰ পথত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ৷

আৰক্ষীয়ে সন্দেহ কৰা মতে টেভেৰাৰ চালকজনে টোপনিয়াই থকাৰ বাবে ঘটনাটো সংঘটিত হয় ৷

Exit mobile version