Prabhat Ch. Das : নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী প্ৰভাত চন্দ্ৰ দাসৰ দেহাৱসান

WhatsApp Image 2022 11 04 at 19.12.06

Prabhat Ch. Das :

নগাঁও চহৰৰ হয়বৰগাঁও এ,টি ৰোড নিবাসী বিশিষ্ট সমাজকৰ্মী – বৰ্ষীয়ান নাগৰিক প্ৰভাত চন্দ্ৰ দাসে(৮৩)আজি দুপৰীয়া নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে ৷

তেখেতৰ মহাপ্ৰয়াণৰ খবৰ বিয়পি পৰাৰ লগে লগে বহু সংখ্যক গুণমুগ্ধ আৰু শুভাকাংক্ষী উপস্থিত তেখেতৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

প্ৰয়াত দাস হয়বৰগাঁও নাট্য সমিতি, নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনী, শ্ৰীমন্ত শংকৰ মিশ্যন,হয়বৰগাঁও শ্মশান সমিতি,সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা’ বৃহত্তৰ হয়বৰগাঁও ব্যৱসায়ী সন্থা,সদৌ নগাঁও ভোগালী বিহু সমিতি,সত্য সাই কমিটি,উত্তৰ হয়বৰগাঁও নামঘৰ কমিটি সহ বহু অনুষ্ঠান- প্ৰতিষ্ঠানৰ স’তে ওত:প্ৰোতভাবে জড়িত আছিল ৷

বৰ্ষীয়ান নাগৰিক গৰাকীৰ নশ্বৰদেহ সন্ধিয়া হয়বৰগাঁও চান্দমাৰীস্থ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় ৷

মৃত্যুৰ সময়তে দাসে পত্নী ,একমাত্ৰ পুত্ৰ,বোৱাৰী আৰু এগৰাকী নাতিনী ইহসংসাৰত এৰি যায় ৷ প্ৰয়াত দাসৰ মৃত্যুত নগাঁৱৰ বহু কেইটা অনুষ্ঠান- প্ৰতিষ্ঠানৰ গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনায় ৷

Exit mobile version